স্পৰ্টছ ডেস্ক, ২০ নৱেম্বৰ :সকলো আশা আৰু দীৰ্ঘ প্ৰতীক্ষাৰ হৃদয়বিদাৰক পৰিসমাপ্তি ঘটে দেওবাৰে । কিয়নো চলিত ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত আহমেদাবাদত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে শোচনীয়ভাৱে পৰাজয়বৰণ কৰিবলগা হয় । এই পৰাজয়ৰ পিছত ভাৰতৰ তাৰকা বলাৰ মহম্মদ শ্বামীয়ে ড্ৰেছিং ৰুমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক সান্ত্বনা দিয়াৰ এক হৃদয়বিদারক ছবি শ্বেয়াৰ কৰিছে ।
"দুৰ্ভাগ্যবশত কালিৰ দিনটো আমাৰ নাছিল । সমগ্ৰ প্ৰতিযোগিতাখনত আমাৰ দল আৰু মোক সমৰ্থন কৰাৰ বাবে মই সকলো ভাৰতীয়ক ধন্যবাদ জনাইছোঁ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে বিশেষভাৱে ড্ৰেছিং ৰূমলৈ অহাৰ বাবে আৰু আমাৰ মনোবল বঢ়োৱাৰ বাবে ধন্যবাদ । আমি পুনৰ উভতি আহিম !" ছামীয়ে সোমবাৰে এক্সত এনেদৰে পোষ্ট কৰে । তেওঁ মোদীয়ে তেওঁক সান্ত্বনা দিয়া আৰু আলিঙ্গন কৰাৰ এখন ফটোও শ্বেয়াৰ কৰে ।
আনহাতে, স্পিনাৰ ৰবীন্দ্ৰ জাদেজায়ো ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈসকলক অনুপ্ৰাণিত কৰিবলৈ ভাৰতীয় ড্ৰেছিং ৰূমলৈ যোৱাৰ মুহূৰ্তটো শ্বেয়াৰ কৰিছে । "আমাৰ বাবে এক অতি ভাল প্ৰতিযোগিতা আছিল । কিন্তু আমি কালি সেয়া ভালদৰে সমাপ্ত কৰিব নোৱাৰিলোঁ । আমাৰ সকলোৰে হৃদয় ভাগি গৈছে । কিন্তু আমাৰ মানুহৰ সমৰ্থনে আমাক পুনৰ আগবঢ়াই লৈ যাব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে কালি ড্ৰেছিং ৰূমলৈ অহাটো বিশেষ আৰু অতি অনুপ্ৰেৰণাদায়ক আছিল ।" জাদেজাই টুইট কৰে ।
উল্লেখ্য যে দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ হাতত ফাইনেলত পৰাজিত হোৱাৰ পিছত ভাৰতীয় দলৰ প্ৰতি সমৰ্থনসূচক শব্দ ব্যৱহাৰ কৰাসকলৰ ভিতৰত প্ৰথমগৰাকী আছিল । "মৰমৰ টীম ইণ্ডিয়া, বিশ্বকাপৰ জৰিয়তে আপোনালোকৰ প্ৰতিভা আৰু সংকল্প লক্ষণীয় আছিল । আপোনালোকে অতি উৎসাহেৰে খেলিছে আৰু দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে । আমি আজি আপোনালোকৰ সৈতে থিয় দিছোঁ আৰু সদায় আপোনালোকৰ কাষত থাকিম ।" মেচখন উপভোগ কৰিবলৈ আহমেদাবাদত উপস্থিত থকা প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰে ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে সমগ্ৰ প্ৰতিযোগিতাখনত বলাৰসকলৰ ভিতৰত শীৰ্ষত থকা শ্বামীয়ে সৰ্বাধিক গুৰুত্বপূৰ্ণ ফাইনেলত মাত্ৰ এটা উইকেটহে ল'বলৈ সক্ষম হৈছিল । জ্যেষ্ঠ পেচাৰজনে নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ছেমি ফাইনেল জয়ত বিশেষ অৰিহণা যোগাইছিল আৰু ৫৭ ৰাণৰ বিনিময়ত ৭ টা উইকেট দখল কৰিছিল । যিটো হৈছে এদিনীয়া ক্ৰিকেটত এগৰাকী ভাৰতীয় খেলুৱৈৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন । অৱশ্যে ফাইনেলত মেন ইন ব্লু শক্তিশালী অষ্ট্ৰেলিয়াৰ ওচৰত ধৰাশায়ী হৈ পৰে ।
প্ৰথমে বেটিং কৰি ভাৰতে স্ক'ৰ বোৰ্ডত মাত্ৰ ২৪০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । আনহাতে, বিজয় লক্ষ্য অনুসৰণ কৰা অষ্ট্ৰেলিয়াক প্ৰাৰম্ভিক অৱস্থাত শ্বামী আৰু বুমৰাহে মোক্ষম আঘাত হানিবলৈও সক্ষম হয় । এটা সময়ত অষ্ট্ৰেলিয়াৰ স্ক'ৰ আছিল তিনি উইকেটত ৪৭ ৰাণ । কিন্তু ভাৰতে এক ডাঙৰ সাফল্যৰ সুগন্ধি ল'বলৈ আৰম্ভ কৰাৰ সময়তে ট্ৰেভিছ হেড আৰু মাৰ্নাছ লাবুচানে দলটোক পুনৰ যুঁজলৈ ঘূৰাই আনে । তেওঁলোকৰ একাগ্ৰতা আৰু বেটিং আধিপত্যৰ কোনো উত্তৰ যেন পৰৱৰ্তী সময়ত ভাৰতীয় বলাৰসকলৰ ওচৰত নাছিল । যাৰ বাবে দুখজনকভাৱে প্ৰতিযোগিতাখনৰ সামৰণি মাৰিবলগা হয় টীম ইণ্ডিয়াই ।
লগতে পঢ়ক :বিশ্বকাপ-২০২৩ৰ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ দল ঘোষণা আইচিচিৰ; নেতৃত্বত ৰোহিত শৰ্মা