অসম

assam

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 6:38 PM IST

Updated : Oct 23, 2023, 8:11 PM IST

ETV Bharat / sports

Tribute to Bishan Singh Bedi: প্ৰধানমন্ত্ৰীৰ পৰা বিচিচিআইলৈ সকলোৱে জনালে বিষণ সিং বেদীলৈ শ্ৰদ্ধা

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন স্পিন বলাৰ বিষণ সিং বেদীয়ে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে । ৭৭ বছৰ বয়সত এই পৃথিৱীৰ পৰা বিদায় লৈছে । এই পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ পিছত ক্ৰিকেট জগতৰ বহু লোকে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে ।

Tribute to Bishan Singh Bedi
বিশন সিং বেদী

নিউজ ডেস্ক, 23 অক্টোবৰ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা স্পিন বলাৰ বিষণ সিং বেদীৰ আজি দেহাৱসান ঘটে । দীৰ্ঘদিন ধৰি অসুস্থ হৈ থাকি অৱশেষত ৭৭ বছৰ বয়সত সোমবাৰে অৰ্থাৎ ২৩ অক্টোবৰত বিশ্ববাসীৰ পৰা বিদায় ল’লে বিষণ সিং বেদীয়ে ।

১৯৬৭ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত টীম ইণ্ডিয়াৰ হৈ ক্ৰিকেট খেলিছিল বেদীয়ে । এই সময়ছোৱাত তেওঁ ভাৰতৰ হৈ ৬৭ খন টেষ্ট মেচ আৰু ১০খন এদিনীয়া মেচ খেলিছিল । টেষ্ট ক্ৰিকেটত তেওঁৰ নামত ২৬৬ আৰু এদিনীয়া ক্ৰিকেটত ১০টা উইকেট আছে ।

বিষণ সিং বেদীৰ জন্ম হৈছিল অমৃতসৰত । তেওঁ দিল্লীৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট আৰম্ভ কৰিছিল । তেওঁৰ মৃত্যুৰ বাবে ক্ৰিকেট জগতত শোকৰ ছাঁ পৰে । ক্ৰিকেটাৰ, প্ৰশিক্ষক, ভাৰতীয় দলৰ প্ৰবীণ খেলুৱৈ আৰু BCCI ৰ বিষয়াসকলেও Xত পোষ্ট দি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে ।

প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন:

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে, ‘‘ভাৰতৰ বিখ্যাত ক্ৰিকেটাৰ বিশান সিং বেদীৰ মৃত্যুত গভীৰভাৱে দুঃখিত । ক্ৰীড়াৰ প্ৰতি তেওঁৰ আবেগ আৰু অৱদান সদায় স্মৰণীয় হৈ থাকিব । তেওঁ সদায় আগন্তুক প্ৰজন্মৰ ক্ৰিকেটাৰসকলক অনুপ্ৰাণিত কৰি থাকিব । ভগৱানে তেওঁৰ পৰিয়াল আৰু অনুৰাগীক শক্তি প্ৰদান কৰক আৰু তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।’’

বিষাণ সিং বেদীৰ মৃত্যুত BCCI ৰ শ্ৰদ্ধাঞ্জলি:

BCCI য়ে পোষ্টত লিখিছে, ‘‘ভাৰতৰ প্ৰাক্তন টেষ্ট অধিনায়ক তথা মহান স্পিনাৰ বিশান সিং বেদী আৰু নাই । এই কঠিন সময়ত তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জনাইছোঁ । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।’’

বি চি চি আইৰ সচিব জয় শ্বাহে লিখিছে, ‘‘শ্ৰীবিষণ সিং বেদীৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছোঁ । তেওঁ স্পিন বলিং কলাৰে ভাৰতীয় ক্ৰিকেটত এক উল্লেখযোগ্য চিন ৰাখিছে । তেখেতৰ পৰিয়াললৈ মোৰ সমবেদনা আৰু প্ৰাৰ্থনা জনালোঁ ।’’

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে পোষ্টত লিখিছে, ‘‘বিষণ সিং বেদীৰ মৃত্যুৰ খবৰ পাই গভীৰভাৱে দুঃখিত । তেওঁ আছিল ভাৰতৰ মহান বলাৰ । ভাৰতৰ হৈ তেওঁ বলিঙৰ দ্বাৰা যি অৱদান আগবঢ়াইছে সেয়া সদায় স্মৰণীয় হৈ থাকিব । তেখেতৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু সমগ্ৰ ক্ৰিকেট সমাজলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।’’

ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে লিখিছে, ‘‘বিষণ সিং বেদী জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ । ক্ৰিকেটৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব । এই কঠিন সময়ত ভগৱানে তেওঁৰ পৰিয়াল আৰু আপোনজনক শক্তি প্ৰদান কৰক ।’’

প্ৰাক্তন ভাৰতীয় বেগী বলাৰ ইৰফান পাঠানে লিখিছে, ‘‘বিষণ সিং বেদী আৰু নাই । তেওঁ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ আছিল । তেওঁৰ এই বিদায় ক্ৰিকেট জগতৰ বাবে এক ডাঙৰ ক্ষতি । তেখেতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।’’

লগতে পঢ়ক:Bishan Singh Bedi Passes Away: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিশন সিং বেদীৰ দেহাৱসান
Last Updated : Oct 23, 2023, 8:11 PM IST

ABOUT THE AUTHOR

...view details