অসম

assam

ETV Bharat / sports

পাকিস্তানত নহয়, চেম্পিয়নছ ট্ৰফী ডুবাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা - PCB vs BCCI conflict

PCB vs BCCI : বিগত কেইটামান প্ৰতিযোগিতাৰ পূৰ্বে পিচিবি আৰু বিচিচিআইৰ মাজত এক নাটকীয়া ঘটনা পৰিলক্ষিত হৈ আহিছে । বিশেষকৈ এছিয়া কাপ আৰু পৰৱৰ্তী সময়ত বিশ্বকাপৰ পূৰ্বেও দেশ দুখনৰ ক্ৰিকেট বোৰ্ডৰ মাজত কিছু অচলাৱস্থাৰ সৃষ্টি হৈছিল । এছিয়া কাপ, ২০২৩ আয়োজনৰ পূৰ্বে দুয়োখন ক্ৰিকেট বোৰ্ডৰ মাজত যথেষ্ট নাটকৰ সৃষ্টি হৈছিল । এইবাৰ পুনৰ চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে একে পৰিৱেশৰ সৃষ্টি হৈছে । এই প্ৰতিযোগিতা সন্দৰ্ভত দুয়োখন বোৰ্ডৰ মাজত সংঘাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

Champions Trophy 2025 in Pakistan
পাকিস্তানত নহয়, চেম্পিয়নছ ট্ৰফী ডুবাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 5:24 PM IST

স্পৰ্টছ ডেস্ক, ২৫ ডিচেম্বৰ :পাকিস্তান ক্ৰিকেট বোৰ্ড আৰু ভাৰতীয় ক্ৰিকেট বোৰ্ড প্ৰায়ে সংঘাতত লিপ্ত হৈ আহিছে । এফালে বিচিচিআয়ে টীম ইণ্ডিয়াক পাকিস্তানত মেচ খেলিবলৈ অনুমতি নিদিয়ে, আনহাতে পাকিস্তানে বিচাৰে যে ভাৰতীয় দলটোৱে পাকিস্তানলৈ গৈ মেচত অংশগ্ৰহণ কৰিব লাগে ।

কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজত ৰাজনৈতিক সম্পৰ্কৰ বাবে এয়া সম্ভৱ নহয় । যাৰ বাবে পাকিস্তানক হয় প্ৰতিযোগিতাখন আয়োজনৰ পৰা আঁতৰাই অনা হয়, বা অন্য এখন দেশৰ সৈতে মিলি প্ৰতিযোগিতাখন আয়োজন কৰিবলগা হয় । এছিয়া কাপ, ২০২৩-ৰ সময়তো অনুৰূপ ঘটনা ঘটিছিল ।

এতিয়া পুনৰ এবাৰ বিচিচিআই আৰু পিচিবিৰ মাজত একে ধৰণৰ বিবাদ দেখা গৈছে । উল্লেখ্য যে ২০২৫ চনত চেম্পিয়নছ ট্ৰফী পাকিস্তানত অনুষ্ঠিত হ'বলৈ গৈ আছে । পাকিস্তানে এই প্ৰতিযোগিতাখন আয়োজন কৰিব । এনে পৰিস্থিতিত ভাৰতে পাকিস্তানত চেম্পিয়নছ ট্ৰফী খেলিব নাযায় ।

আনহাতে, পাকিস্তানে বিচাৰে যে ভাৰতে পাকিস্তানত চেম্পিয়নছ ট্ৰফী খেলিব লাগিব । কিন্তু ভাৰতে পাকিস্তানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নিবিচাৰে । এনে পৰিস্থিতিত পিচিবিয়ে বিচিচিআইৰ সন্মুখত শিৰনত কৰিব পাৰে । ভাৰতীয় দলটোৱে পাকিস্তানৰ পৰিৱৰ্তে ইউএইত নিজৰ মেচ খেলিব পাৰে ।

তেনেকুৱা হ'লে পিচিবিয়ে ডুবাইত এই আইচিচি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব পাৰে । কাৰণ ২০২৩ চনৰ এছিয়া কাপতো ভাৰতে হাইব্ৰিড মডেলত খেলিছিল । উক্ত প্ৰতিযোগিতাখন পাকিস্তান আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰিছিল । আনহাতে, প্ৰতিযোগিতাখনত ভাৰতে নিজৰ সকলোবোৰ মেচ শ্ৰীলংকাত খেলিছিল ।

ইফালে জানিব পৰা মতে, পিচিবিৰ মুৰব্বী জাকা আশ্ৰফে আইচিচিৰ সাধাৰণ পৰামৰ্শদাতা জনাথনক এটা কাৰ্যসূচীত লগ কৰিছে । এই সময়ছোৱাত এমিৰেটছ ক্ৰিকেট বোৰ্ডৰ উপ-সভাপতি খালিদ আল জাৰুনীও তাত উপস্থিত আছিল । তাত তেওঁলোকে এই সকলোবোৰ বিষয়ৰ ওপৰত আলোচনা কৰে । এনে পৰিস্থিতিত এছিয়া কাপৰ দৰে চেম্পিয়নছ ট্ৰফী, ২০২৫ এক হাইব্ৰিড মডেল বা ডুবাইতো অনুষ্ঠিত কৰিব পাৰে ।

লগতে পঢ়ক :ক্ৰীড়া মন্ত্ৰালয়ৰ কঠোৰ পদক্ষেপ, ভাৰতীয় কুস্তি ফেডাৰেচনৰ নৱ-নিৰ্বাচিত সভাপতি সঞ্জয় সিঙক নিলম্বন

ABOUT THE AUTHOR

...view details