স্পৰ্টছ ডেস্ক, 28 মাৰ্চঃপাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত পাঁচ মেচৰ এদিনীয়া শৃংখলাত জয় যাত্ৰা অব্যাহত অষ্ট্ৰেলিয়াৰ ৷ অষ্ট্ৰেলিয়াৰ হাতত বুধবাৰে অনুষ্ঠিত মেচখনত 80 ৰানত পৰাজয়ৰ সন্মুখীন হয় পাকিস্তান ৷ এই জয়ৰে শৃংখলাত 3-0 ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ফিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়া দলটো৷ ধাৰাবাহিক ছয়খন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়া দলটো ৷
তৃতীয় এদিনীয়াত পৰাস্ত পাকিস্তান, শৃংখলাত 3-0ৰ অগ্ৰগতি অষ্ট্ৰেলিয়াৰ
পাঁচ মেচৰ এদিনীয়া শৃংখলাত 3-0 ৰ অগ্ৰগতি অষ্ট্ৰেলিয়াৰ
শৃংখলাত 3-0 ৰ অগ্ৰগতি অষ্ট্ৰেলিয়াৰ
মেচখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল 266 ৰান ৷ অষ্ট্ৰেলিয়াৰ হৈ এৰণ ফিন্সে 90, পিটাৰ হেণ্ডছকম্বে 47, আৰু গ্লেন মেক্সৱেলে 71 ৰান কৰিবলৈ সক্ষম হয় ৷ এই লক্ষ্য অতিক্ৰম কৰিবলৈ আহি পাকিস্তান দলটোৱে 44.4 অভাৰত কেৱল 186 ৰান সংগ্ৰহ কৰি অল আউটৰ সন্মুখীন হয় ৷ অষ্ট্ৰেলিয়াৰ হৈ পেট কামিংছে 3 টা আৰু এডাম জাম্পাই সৰ্বাধিক 4 টা উইকেট দখল কৰে ৷ মেন অফ দ্য মেচৰ সন্মান লাভ কৰে পেট কামিংছে ৷