স্পৰ্টছ ডেস্ক,১৫ জুন :হাইব্ৰিড মডেলতে হ'ব এছিয়া কাপ ২০২৩ । ইতিমধ্যে এছিয়ান ক্ৰিকেট কাউন্সিলে বৃহস্পতিবাৰে আগন্তুক এছিয়া কাপ ২০২৩ৰ বাবে হাইব্ৰিড মডেল ঘোষণা কৰিছে । ১৩ খন খেলৰ ভিতৰত পাকিস্তানত অনুষ্ঠিত হ'ব ৪ খন খেল । আনহাতে বাকী ৯ খন খেল শ্ৰীলংকাত অনুষ্ঠিত হ'ব । ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান আৰু নেপালে ৩১ আগষ্টৰ পৰা ১৭ ছেপ্টেম্বৰলৈ এছিয়া কাপত প্ৰতিদ্বন্দিতা কৰিব ।
এছিয়ান ক্ৰিকেট কাউন্সিলে খেলৰ তাৰিখ ঘোষণা কৰিবলৈ আৰু প্ৰতিযোগিতাখনত দুটা গ্ৰুপ গঠন কৰিব বুলি প্ৰকাশ কৰিবলৈ এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে । প্ৰতিটো গ্ৰুপৰ দুটা দলে চুপাৰ ফ'ৰ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব । চুপাৰ ফ'ৰ পৰ্যায়ৰ শীৰ্ষ দুটা দল ফাইনেলত মুখামুখি হ'ব ।
এছিয়ান ক্ৰিকেট কাউন্সিলে ঘোষণা কৰা মতে প্ৰতিযোগিতাখনৰ ৪ খন খেল পাকিস্তানত অনুষ্ঠিত হ'ব । হাইব্ৰিড মডেলত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনৰ বাকী খেল শ্ৰীলংকাত অনুষ্ঠিত হ'ব । এছিয়ান ক্ৰিকেট কাউন্সিলে বিবৃতি প্ৰকাশ কৰি বিশ্বৰ ক্ৰিকেটপ্ৰেমী ৰাইজক এই প্ৰতিযোগিতা উপভোগ কৰিবলৈ আহ্বান জনাইছে । অৱশ্যে এতিয়ালৈকে স্থান আৰু খেলৰ সূচী এচিচিয়ে প্ৰকাশ কৰা নাই ।