স্পৰ্টছ ডেস্ক, ৩ অক্টোবৰ :সমগ্ৰ বিশ্বৰ কোটি কোটি অনুৰাগী এতিয়া ক্ৰিকেট জ্বৰত আক্ৰান্ত । কিয়নো আৰু মাত্ৰ এটা দিনৰ পিছতে অনুষ্ঠিত হ'ব ক্ৰিকেটৰ মহাৰণ এদিনীয়া বিশ্বকাপ । মুঠ দহটা দলৰ মাজত ক্ৰিকেটৰ এদিনীয়া সংস্কৰণৰ মুকুট পৰিধানৰ মাজত অনুষ্ঠিত হ'ব মৰণপণ যুঁজ । আনহাতে, বৰ্তমান ভাৰতত আৰম্ভ হৈছে আগতীয়া পূজাৰ উৎসাহ-উদ্দীপনা । কিয়নো ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ'ব ক্ৰিকেট বিশ্বৰ আটাইতকৈ অভিজাত এই বিশ্বকাপ প্ৰতিযোগিতা ।
তাৰ বাবে ইতিমধ্যে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে বিশ্বকাপৰ মেচ অনুষ্ঠিত হ'বলগীয়া প্ৰতিখন ষ্টেডিয়াম আৰু চহৰ । এইবাৰৰ বিশ্বকাপত হট ফেভাৰিট হিচাপে অৱতীৰ্ণ হ'ব ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দল । ঘৰুৱা মাটিত অনুষ্ঠিত হোৱাৰ বাবে এইবাৰৰ বিশ্বকাপত ভাৰতৰ বাবে কিছু আগতীয়া সুবিধা থাকিব ।
আনহাতে, ঘৰুৱা দৰ্শকৰ সন্মুখত আশাব্যঞ্জক প্ৰদৰ্শন আগবঢ়াবৰ বাবে কিছু চাপতো থাকিব ভাৰতীয় দলটো । বিশ্বকাপ আৰম্ভ হ'বলৈ সাজু হোৱাৰ প্ৰাকক্ষণত ভাৰতে বিশ্বজয়ৰ ট্ৰফী দাঙি লোৱাৰ বাবে যেনেদৰে দৃঢ় প্ৰতিজ্ঞ হৈছে, তেনেদৰে অনুৰাগীসকলেও আশা কৰিব যে মেন ইন ব্লুৱে ২০১১ চনৰ কৃতিত্বৰ পুনৰাবৃত্তি কৰিব । কিন্তু প্ৰতিযোগিতাখনৰ পূৰ্বে দলৰ সংমিশ্ৰণ আৰু কে এল ৰাহুলে উইকেটৰক্ষকৰ গ্ল'ভছ পৰিধান কৰিবনে নাই সেই সন্দৰ্ভত যথেষ্ট আলোচনা হৈছে ।
উল্লেখ্য যে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৫ অক্টোবৰৰ আৰম্ভ হ'ব এদিনীয়া বিশ্বকাপ । বিশ্বকাপৰ দলত ভাৰতীয় নিৰ্বাচকসকলে ঘৰুৱা ক্ৰিকেটত ঝাৰখণ্ডক প্ৰতিনিধিত্ব কৰা যুৱ উইকেটৰক্ষক বেটাৰ ঈশান কিষাণক অন্তৰ্ভুক্ত কৰিছে । এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতীয় দলৰ এসময়ৰ নিৰ্ভৰযোগ্য উইকেটৰক্ষক নয়ন মংগিয়াই ।
ভাৰতৰ প্ৰাক্তন উইকেটৰক্ষক নয়ন মংগিয়াই ঈশান কিষাণক উইকেটৰক্ষক হিচাপে গ্ৰহণ কৰিবলৈ নিজৰ সমৰ্থন জনাইছে । লগতে তেওঁ পৰামৰ্শ দিয়ে যে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে এবাৰত এটা খেলতহে মনোনিবেশ কৰিব লাগে । আনহাতে, প্ৰত্যাশাৰ বাবে কোনো অতিৰিক্ত চাপ ল'ব নালাগে বুলিও তেওঁ মন্তব্য কৰে ।
"ভাৰতৰ এগৰাকী নিয়মীয়া উইকেটৰক্ষক থাকিব লাগে আৰু মই এই ভূমিকাৰ বাবে ঈশান কিষাণক পছন্দ কৰিম । কিয়নো এই কাৰ্যই বলাৰসকলক আত্মবিশ্বাস প্ৰদান কৰিব । ঈশান কিষাণো এগৰাকী মানসম্পন্ন বাঁওহতীয়া বেটাৰ । কিন্তু ঈশান কিষাণ আৰু কে এল ৰাহুল তেওঁলোক দুয়োজন দলত থাকিলে সংকটৰ সময়ত দলটোক সহায় কৰিব ।" মংগিয়াই ইটিভি ভাৰতৰ সৈতে এক বিশেষ বাৰ্তালাপত এনেদৰে কয় ।