স্পৰ্টছ ডেস্ক, ১৯ জানুৱাৰী :নিউজীলেণ্ড আৰু পাকিস্তানৰ মাজত টি-২০ শৃংখলা চলি আছে । ইতিমধ্যে ৩ খন টি-২০ মেচ সম্পূৰ্ণ হৈছে । এতিয়াও শৃংখলাটোৰ ২ খন টি-২০ মেচ বাকী আছে । চতুৰ্থখন টি-২০ মেচৰ পূৰ্বে নিউজীলেণ্ড দলটোৰ বাবে এক হতাশাজনক খবৰ । দলটোৰ অপেনাৰ ডেভন কনৱে ক'ভিডত আক্ৰান্ত হৈছে । যাৰ বাবে শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা হেগলি ওভালত পাকিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া চতুৰ্থ খন টি-২০ খেলৰ পৰা খেলুৱৈগৰাকী বাহিৰ হৈছে ।
খেলখনৰ পূৰ্বে ডেভন কনৱেৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল ৷ য'ত তেওঁৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰ লগে লগে তেওঁ পঞ্চমখন খেলতো অংশগ্ৰহণ কৰিব নোৱাৰিব ।
নিউজীলেণ্ডৰ তাৰকা বেটছমেনগৰাকীক ২০২৪ চনৰ আইপিএলৰ বাবে চেন্নাই চুপাৰ কিংছে পুনৰ ক্ৰয় কৰিছে । ১ কোটি টকাত চেন্নাই চুপাৰ কিংছে আহি থকা আইপিএল ছিজনৰ বাবে ক্ৰয় কৰিছে । আইপিএলত সচৰাচৰ অপেনিং কৰা বেটছমেনগৰাকী অতি আক্ৰমণাত্মক চৰিত্ৰৰ বাবে জনাজাত । আইপিএলত পূৰ্বে তেওঁ কেইবাটাও আকৰ্ষণীয় ইনিংছ খেলিছে ।