স্পৰ্টছ ডেস্ক, ৮ জানুৱাৰী : ২৫ জানুৱাৰীৰ পৰা ঘৰুৱা খেলপথাৰত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলা খেলিবলৈ আগবাঢ়িছে । কিন্তু এই টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে এক মোক্ষম আঘাত । ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য পেচাৰ মহম্মদ শ্বামীৰ বিষয়ে এক ডাঙৰ খবৰ পোহৰলৈ আহিছে । প্ৰাপ্ত খবৰ অনুসৰি, ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত উপলব্ধ নহ'ব পাৰে মহম্মদ শ্বামী ।
উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্য সমাপ্ত দুখন টেষ্ট শৃংখলাৰ বাবে মহম্মদ শ্বামীক দলত অন্তৰ্ভুক্ত কৰা হৈছিল । কিন্তু অন্তিম মুহূৰ্তত তেওঁক দলৰ পৰা বাদ দিয়া হয় । আঘাতৰ বাবে শ্বামীক দলৰ পৰা বাদ দিবলগীয়া হয় । তেওঁ গোৰোহাৰ আঘাতৰ সমস্যাত ভুগি আছে । আঘাতৰ পৰা তেওঁ এতিয়াও সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰা নাই । এনে পৰিস্থিতিত সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে ইংলেণ্ডৰ সৈতে প্ৰথম দুখন টেষ্ট মেচত শ্বামী দলৰ অংশ নহ'বও পাৰে ।