অসম

assam

ETV Bharat / sports

Mithali Raj breaks World Cup captaincy record : বিশ্বকাপৰ অধিনায়কত্বৰ অভিলেখ ভংগ ভাৰতৰ মিতালী ৰাজৰ - Mithali Raj breaks World Cup captaincy record

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সুপৰিচিত এটি নাম মিতালী ৰাজ ৷ 39 বছৰীয়া মিতালীয়ে 24 খন বিশ্বকাপ মেচত দেশক নেতৃত্ব দি 14 খন মেচত জয় লাভ, 8 খনত পৰাজয় আৰু এখনত ড্ৰ’ খেলাৰ অভিলেখ স্থাপন (Mithali Raj breaks World Cup captaincy record) কৰে ৷

Mithali Raj breaks World Cup captaincy record
বিশ্বকাপৰ অধিনায়কত্বৰ অভিলেখ ভংগ ভাৰতৰ মিতালী ৰাজৰ

By

Published : Mar 12, 2022, 12:01 PM IST

স্প’ৰ্টছ ডেস্ক, 12 মাৰ্চ : ভাৰতৰ মহিলা ক্ৰিকেটৰ এদিনীয়া দলৰ অধিনায়ক মিতালী ৰাজে শনিবাৰে আইচিচি মহিলা বিশ্বকাপত অধিনায়কত্ব কৰা সৰ্বাধিক খেলৰ অভিলেখ ভংগ কৰে (Mithali Raj breaks World Cup captaincy record) ৷ খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক বেলিণ্ডা ক্লাৰ্কক অতিক্ৰম কৰি এই অভিলেখ স্থাপন কৰে । পূৰ্বে ক্লাৰ্কে 23 খন মেচত দেশক প্ৰতিনিধিত্ব কৰি এই অভিলেখৰ গৰাকী হৈছিল ৷

39 বছৰীয়া মিতালীয়ে 24 খন বিশ্বকাপ মেচত দেশক নেতৃত্ব দি 14 খন মেচত জয় লাভ, 8 খনত পৰাজয় আৰু এখনত ড্ৰ’ খেলাৰ অভিলেখ স্থাপন কৰে ৷ ভাৰতৰ অধিনায়কগৰাকীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা মেচত দেশক নেতৃত্ব দিয়াৰ সুবাদতে এই কৃতিত্ব অৰ্জন কৰে ৷

লগতে চাওক:পৰৱৰ্তী কপিল দেৱ হ’ব খুজিছিল আশ্বিন

উল্লেখনীয়ভাৱে, মিতালী আৰু ক্লাৰ্কেই হৈছে একমাত্ৰ এনে দুগৰাকী ক্ৰিকেটাৰ, যিয়ে দুটাতকৈ অধিক বিশ্বকাপৰ মেচত নিজৰ দেশক অধিনায়কত্ব প্ৰদান কৰিছিল ৷

বিগত দেওবাৰে মিতালী একমাত্ৰ তৃতীয়গৰাকী ক্ৰিকেটাৰ তথা ছয়খনকৈ বিশ্বকাপত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে ৰেকৰ্ড স্থাপন কৰে ৷ এই অভিলেখৰ লগে লগে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ আৰু পাকিস্তানী ক্ৰিকেটাৰ জাভেদ মিয়াঁদাদৰ সৈতে একেখন তালিকাত স্থান লাভ কৰে ৷

লগতে চাওক:Women's Day 2022 : দেশবাসীক গৌৰৱান্বিত কৰা মহিলা ক্ৰীড়াবিদসকল

ABOUT THE AUTHOR

...view details