অসম

assam

By

Published : Jun 9, 2022, 11:17 AM IST

ETV Bharat / sports

Mithali Raj announces her retirement : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'লে মিতালী ৰাজে

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা মিতালী ৰাজেৰ(Mithali Raj announces her retirement)। খেলুৱৈগৰাকীৰ এই ঘোষণাৰ পাছতেই অনুৰাগীৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । জীৱনৰ পৰৱৰ্তী ইনিংছৰ বাবে অনুৰাগীৰ আশীৰ্বাদ বিচাৰিছে খেলুৱৈগৰাকীয়ে ।

Mithali Raj announces her retirement
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'ব মিতালী ৰাজে

স্পৰ্টছ ডেস্ক,৯ জুন :আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'লে ভাৰতৰ মহিলা এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়ক মিতালী ৰাজে । এক বিবৃতিযোগে খেলুৱৈগৰাকীয়ে অৱসৰৰ কথা ঘোষণা কৰে (Mithali Raj announces her retirement)। অৱসৰৰ ঘোষণা কৰাৰ লগে লগে তেওঁৰ অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এগৰাকী সফল আৰু প্ৰভাৱশালী মহিলা ক্ৰিকেটাৰ হিচাপে বিখ্যাত মিতালী ৰাজে অনুৰাগীসকলক উদ্দেশ্যি এক বিবৃতিও প্ৰকাশ কৰিছে (Mithali Raj on her retirement)। ইমান বছৰ ধৰি অনুৰাগীয়ে তেওঁক দিয়া মৰম আৰু সমৰ্থনৰ বাবে অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে মিতালী ৰাজে । বিবৃতিটোত খেলুৱৈগৰাকীয়ে জীৱনৰ দ্বিতীয় ইনিংছৰ বাবে অনুৰাগীৰ পৰা আশীৰ্বাদ আৰু সমৰ্থন বিচাৰে ।

তেওঁ উল্লেখ কৰা মতে ভাৰতীয় দলটোৱে জয়ী হোৱাৰ উদ্দেশ্যৰে তেওঁ সদায় খেলপথাৰলৈ গৈছিল আৰু ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে জয়ী হ'বলৈ সদায় চেষ্টা চলাইছিল । তেওঁৰ মতে বহু যুৱ খেলুৱৈ দলটোত অংশগ্ৰহণ কৰিবলৈ সাজু আছে । ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত সোণালী হোৱাৰ কামনা কৰিছে মিতালী ৰাজে ।

উল্লেখ্য যে ভাৰতীয় দলটোৰ বাবে মিতালী ৰাজৰ যথেষ্ট অৱদান আছে । তেওঁ আন্তৰ্জাতিক ক্ৰিকেটত আটাইতকৈ বেছি ৰাণ সংগ্ৰহ কৰা মহিলা ক্ৰিকেটাৰ আৰু এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ৬০০০ ৰাণ অতিক্ৰম কৰা একমাত্ৰ মহিলা খেলুৱৈ ।

লগতে পঢ়ক :বিৰাট কোহলীৰ পৰা বিয়ঞ্চলৈকে সৰ্বাধিক Followers থকা ইনষ্টাগ্ৰামৰ শীৰ্ষ 15 গৰাকী তাৰকা

ABOUT THE AUTHOR

...view details