অসম

assam

ETV Bharat / sports

মিচেল চেণ্টনাৰ কোভিড পজিটিভ; পাকিস্তানৰ বিৰুদ্ধে প্ৰথম টি-20ৰ পৰা বাহিৰ

Santner Covid Positive : নিউজীলেণ্ড ক্ৰিকেট বোৰ্ডে শুকুৰবাৰে ঘোষণা কৰে যে অলৰাউণ্ডাৰ মিচেল চেণ্টনাৰে শুকুৰবাৰে পাকিস্তানৰ বিৰুদ্ধে পাঁচখন মেচৰ শৃংখলাৰ প্ৰথমখন টি-২০ত কোভিড পজিটিভৰ বাবে অংশগ্ৰহণ নকৰে । অকলেণ্ডৰ ইডেন পাৰ্কত ব্লেক কেপছৰ মুখামুখী হ'ব শ্বাহিন শ্বাহ আফ্ৰিদি নেতৃত্বাধীন পাকিস্তান ।

মিচেল চেণ্টনাৰ কোভিড পজিটিভ
মিচেল চেণ্টনাৰ কোভিড পজিটিভ

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 1:51 PM IST

স্পৰ্টছ ডেস্ক, ১২ জানুৱাৰী :কোভিড পৰীক্ষাত অৱতীৰ্ণ হৈ পজিটিভ ফলাফলৰ বাবে কিৱি অলৰাউণ্ডাৰ মিচেল চেণ্টনাৰে পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচৰ পৰা বঞ্চিত হৈছে । শুকুৰবাৰে অকলেণ্ডৰ ইডেন পাৰ্কত নিউজীলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিতব্য পাঁচখনীয়া মেচৰ শৃংখলাৰ প্ৰথমখন টি-২০ৰ পৰা তেওঁ বাহিৰ হ'বলগা হয় ।

৩১ বছৰীয়া ক্ৰিকেটাৰগৰাকী বৰ্তমান অকলেণ্ডৰ এখন হোটেলত অইছ'লেচনত আছে আৰু দেওবাৰে দ্বিতীয়খন টি-২০ৰ বাবে দলটোৰ সৈতে নিজৰ ঘৰুৱা খেলপথাৰ হেমিল্টনলৈ যাত্ৰা কৰিব । নিউজীলেণ্ড ক্ৰিকেট বোৰ্ডে শুকুৰবাৰে এক বিবৃতি প্ৰকাশ কৰি জনাইছে, "মিচেল চেণ্টনাৰে আজি পুৱাৰ ভাগত কোভিড পৰীক্ষাৰ পিছত পজিটিভ হোৱাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন কেএফচি টি-২০ৰ বাবে ইডেন পাৰ্কলৈ নাযায় । তেওঁক আগন্তুক দিনবোৰত নিৰীক্ষণত থাকিব আৰু অকলে হেমিল্টনলৈ যাত্ৰা কৰিব ।"

উল্লেখ্য যে ঘৰুৱা মেচত বাংলাদেশৰ বিৰুদ্ধে বিগত শৃংখলাত ব্লেককেপছক নেতৃত্ব দিয়া চেণ্টনাৰ বেট আৰু বল দুয়োটাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদৰ্শন কৰিছিল । সেয়েহে ঘৰুৱা দলটোৰ বাবে তেওঁৰ অনুপস্থিতি এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ।

বাঁওহতীয়া বেটাৰগৰাকীয়ে ৯৩ খন মেচত ১৮.২ আকৰ্ষণীয় ষ্ট্ৰাইক ৰেটত ১০৫ টা উইকেট দখল কৰিছে । ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত প্ৰতি অভাৰত মাত্ৰ সাত ৰাণ খৰচ কৰিছে তেওঁ । আনহাতে, ১২২ ষ্ট্ৰাইক ৰেটেৰে তেওঁৰ বেটৰ পৰা আহিছে ৬১০ ৰাণ । তেওঁৰ সৰ্বাধিক ইনিংছ হৈছে অপৰাজিত ৭৭ ৰাণ ।

নিউজীলেণ্ড আৰু পাকিস্তানৰ মাজত টি-২০ শৃংখলাৰ সময়সূচী

প্ৰথম টি-20 : ১২ জানুৱাৰী, অকলেণ্ডৰ ইডেন পাৰ্কত - পুৱা 11.40 বজাত (ভাৰতীয় সময়মতে)

দ্বিতীয় টি-20 : ১৪ জানুৱাৰী, হেমিল্টনৰ ছেডন পাৰ্কত - পুৱা 11.40 বজাত (ভাৰতীয় সময়মতে)

তৃতীয় টি-20 : ১৭ জানুৱাৰী, ডুনেডিনৰ ইউনিভাৰ্ছিটী অভেলত - পুৱা 5.30 বজাত (ভাৰতীয় সময়মতে)

চতুৰ্থ টি-20 : ১৯ জানুৱাৰী, ক্ৰিষ্টচাৰ্চৰ হেগলি অভেলত - পুৱা 11.40 বজাত (ভাৰতীয় সময়মতে)

পঞ্চম টি-২০ : ২১ জানুৱাৰী, ক্ৰিষ্টচাৰ্চৰ হেগলি অভেলত - পুৱা ৫.৩০ বজাত (ভাৰতীয় সময়মতে)

লগতে পঢ়ক :ৰাহুল দ্ৰাবিড়ৰ ৫১ সংখ্যক জন্মদিনত তেওঁৰ জীৱনৰ কিছু কথা

ABOUT THE AUTHOR

...view details