স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ :দেওবাৰে ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকা আইচিচি বিশ্বকাপ 2023ৰ খেলখনৰ পূৰ্বে টিকটৰ পৰিস্থিতিয়ে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগল (চিএবি)ক অস্বস্তিত পেলাইছে ৷ এই সন্দৰ্ভত কলকাতা আৰক্ষীয়ে ইতিমধ্যে ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ জ্যেষ্ঠ ভাতৃ চিএবিৰ সভাপতি স্নেহাশীষ গংগোপাধ্যায়লৈ জাননী প্ৰেৰণ কৰিছে ৷
এই বিষয়ত গাংগুলীৰ পৰা লিখিত উত্তৰ বিচৰা হৈছিল ৷ গাংগুলীৰ উত্তৰ বিচৰাৰ এদিন পিছতে কলকাতা আৰক্ষীয়ে ‘বুক মাই শ্ব’ৰ বিষয়াসকলক মৈদান থানালৈ মাতি আনে ৷
ইতিমধ্যে কলকাতা আৰক্ষীৰ ডিচি (দক্ষিণ) প্ৰিয়ব্ৰত ৰায়ৰ লগতে কলকাতা আৰক্ষীৰ এণ্টি ৰাউডি স্কোৱাডৰ গোচৰীয়াই মৈদান থানাত উপস্থিত হৈছে ৷ ‘বুক মাই শ্ব’ৰ কেইবাজনো বিষয়া ময়দান থানাত হাজিৰ হয় ৷ কলকাতা আৰক্ষীৰ মুখ্য কাৰ্যালয় লালবজাৰৰ সূত্ৰ অনুসৰি তেওঁলোকৰ জেৰাৰ পৰ্যায় আৰম্ভ হৈছে ৷
ইতিমধ্যে ঘটনাৰ তদন্তত বিভিন্ন স্থানৰ পৰা 7 জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ তদন্তকাৰী বিষয়াসকলে বিশ্বকাপৰ টিকট কোনে অনলাইনত কিনিছিল আৰু সেই টিকটসমূহ কেনেকৈ ব্লেক মাৰ্কেট কৰিছিল সেই কথা জানিবলৈ চেষ্টা কৰিছে ৷ ইয়াৰ উপৰিও বৃহস্পতিবাৰৰ দৰে শুকুৰবাৰে পুৱাৰে পৰা ইডেন গাৰ্ডেন এলেকাত ক্ৰীড়াপ্ৰেমীসকলে টিকট বিক্ৰেতাসকলৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা প্ৰতিহত কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ কলকাতা আৰক্ষী ৷ শুকুৰবাৰে পুৱাৰে পৰা ইডেন গাৰ্ডেন অঞ্চলত মৈদান থানাৰ এজন আৰু চুবুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি উচ্চ পদস্থ আৰক্ষী বিষয়াক দেখা গৈছে ৷