স্পৰ্টছ ডেস্ক,২২ ডিচেম্বৰ :'বিশ্বকাপৰ হতাশাৰ পাছত খেলপথাৰলৈ পুনৰ উভতি আহি ভাল লাগিছে ।' দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩ দিনীয়া শৃংখলা জয়ী হোৱাৰ পাছতে এই মন্তব্য কৰে ভাৰতীয় দলৰ অধিনায়ক কে এল ৰাহুলে । কে এল ৰাহুলৰ মতে তেওঁক এতিয়াও বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেলৰ পৰাজয়ে আমনি কৰি আছে ।
৩ খন এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত ভাৰতীয় দলটোৱে বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে । ৩ খন এদিনীয়া শৃংখলাৰ ২ খন খেলত জয়ী হৈ শৃংখলাটো নিজৰ হাতত ৰাখিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে । শৃংখলা জয়ৰ পাছতে ভাৰতৰ অধিনায়ক কে এল ৰাহুলে আত্মসন্তুষ্টি প্ৰকাশ কৰে । লগতে তেওঁ বিশ্বকাপৰ হতাশাৰ কথাও উল্লেখ কৰে ।
বিশ্বকাপ ২০২৪ৰ ফাইনেলৰ পাছত বেটছমেন তথা উইকেটকিপাৰ কে এল ৰাহুলে ভাৰতীয় দলটোক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নেতৃত্ব দিছে । ইয়াৰ পূৰ্বে, ভাৰতীয় দলে দুখন টি-২০ শৃংখলা খেলে । কিন্তু টি-২০ত কে এল ৰাহুলক বিশ্ৰাম দিয়া হৈছিল । অৱশ্যে, এতিয়া তেওঁ এদিনীয়া শৃংখলাৰ পাছত টেষ্ট শৃংখলাও খেলিব । অধিনায়ক কে এল ৰাহুলে তৃতীয় তথা অন্তিমখন এদিনীয়াত বিজয়ী হোৱাৰ পাছত সংবাদ মাধ্যমক কয় যে তেওঁ সদায় দলটোৰ অংশ হ'বলৈ ভাল পায় । হতাশাজনক বিশ্বকাপ ফাইনেলৰ পাছত খেলপথাৰলৈ উভতি আহি ভাল লাগিছে বুলিও তেওঁ উল্লেখ কৰে ।