অসম

assam

ETV Bharat / sports

20 বছৰীয়া ক্ৰিকেট কেৰিয়াৰক বিদায় জনালে ঝুলন গোস্বামীয়ে - ক্ৰিকেটক বিদায় জনালে ঝুলন গোস্বামীয়ে

এক আকৰ্ষণীয় কেৰিয়াৰৰ পাছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ভাৰতীয় ক্ৰিকেট দলৰ কিংবদন্তি বলাৰ ঝুলন গোস্বামীয়ে (Jhulan Goswami retired from international cricket) ৷ 19 বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা ঝুলনে নামত আছে কেইবাটাও অভিলেখ ৷ তেওঁ 2006-07 বৰ্ষত মিতালী ৰাজৰ সৈতে ইংলেণ্ডত প্ৰথমখন টেষ্ট শৃংখলা দখল কৰে ৷ মহিলা ক্ৰিকেটত সৰ্বাধিক সংখ্যক উইকেট আছে ঝুলনৰ নামত ৷

JHULAN GOSWAMI
মহিলা ক্ৰিকেটৰ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী ঝুলন

By

Published : Sep 26, 2022, 9:36 PM IST

স্পৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ: ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ল’লে কিংবদন্তী দ্ৰুততম বলাৰ ঝুলন গোস্বামীয়ে (Jhulan Goswami retired from international cricket) ৷ 2018 চনৰ 23 আগষ্টত টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ঝুলনে । দেওবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰাও অৱসৰ লয় 39 বছৰীয়া ঝুলনে ৷ ঝুলনৰ ক্ৰিকেট কেৰিয়াৰ অতি দৰ্শনীয় আছিল ৷ 2002 চনৰ 6 জানুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে ঝুলনে প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল ৷ একে সময়তে তেওঁ 2002 চনত লক্ষ্ণৌত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ হৈ প্ৰথমখন টেষ্ট মেচ খেলিছিল ।

ঝুলনে কেৰিয়াৰৰ অন্তিমখন মেচো খেলিছিল ইংলেণ্ডৰ বিৰুদ্ধেই ৷ হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত তেওঁ অতুলনীয় প্ৰদৰ্শন কৰিছিল আৰু তৃতীয় এদিনীয়া শৃংখলাটোত ইংলেণ্ডক ক্লিন চুইপ কৰিছিল । বিশ্বৰ দ্ৰুততম বলাৰৰ তালিকাৰ দ্বিতীয় স্থানত আছে ঝুলন ৷ ঝুলন গোস্বামীৰ টেষ্ট কেৰিয়াৰৰ বিষয়ে ক'বলৈ গ'লে, তেওঁ 12 খন টেষ্টত মুঠ 44 টা উইকেট দখল কৰিছিল ৷ তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল এটা ইনিংছত 25 ৰাণত 5 টা উইকেট আৰু এখন মেচত 78 ৰাণত 10 টা উইকেট । ইয়াৰ উপৰিও, তেওঁ টেষ্টত 251 ৰাণ সংগ্ৰহ কৰিছিল ।

একে সময়তে, ঝুলনে ভাৰতৰ হৈ 204 খন এদিনীয়া খেলিছিল আৰু 255 টা উইকেট দখল কৰিছিল । এদিনীয়াত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল 31 ৰাণত 6 টা উইকেট । তেওঁ এদিনীয়াত 1,228 ৰাণ সংগ্ৰহ কৰিছিল । T-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ 68 খন মেচত 56 টা উইকেট দখল কৰিছিল আৰু 11 ৰাণত 5 টা উইকেট লাভ কৰাটো তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল । ঝুলনে T-20ত 405 ৰাণ সংগ্ৰহ কৰিছিল । তেওঁৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ অন্তিমখন এদিনীয়া খেলত ইংলেণ্ডৰ বিৰুদ্ধে 10 অভাৰত 30 ৰাণত 2 টা উইকেট দখল কৰিছিল ।

20 বছৰীয়া ক্ৰিকেট কেৰিয়াৰক বিদায় জনালে ঝুলন গোস্বামীয়ে

ঝুলন তেওঁৰ 20 বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত বহুত যুৱ খেলুৱৈৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছিল । মিতালী ৰাজৰ পূৰ্বে তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কো আছিল ৷ ঝুলনক 2010 চনত অৰ্জুন বঁটা প্ৰদান কৰা হয় ৷ 2012 চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হয় ৷

ক্ৰিকেট ইতিহাসত কেইবাটাও অভিলেখ গঢ়ি দেওবাৰে লৰ্ডছত আনুষ্ঠানিকভাৱে ক্ৰিকেটক বিদায় জনালে ঝুলন গোস্বামীয়ে ৷ বিদায়ৰ মূহুৰ্তত কেৱল সতীৰ্থ খেলুৱৈসকলৰ লগতে ইংলেণ্ডৰ খেলুৱৈসকলেও অভিবাদন জনোৱা দেখা গ’ল ঝুলন গোস্বামীক(ODI series in England) ৷ মহিলা ক্ৰিকেটৰ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী ঝুলনক 'চকদাহ এক্সপ্ৰেছ' বুলি জনা যায়(Chakda Express) ৷

লগতে পঢ়ক:সমাপ্ত হ’ল 74 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল; বিজয় অইল ইণ্ডিয়া দুলিয়াজান

ABOUT THE AUTHOR

...view details