স্পৰ্টছ ডেস্ক, ২৬ মাৰ্চ :দেওবাৰে মুম্বাইৰ ব্ৰেব'ৰ্ণ ষ্টেডিয়ামত মহিলা প্ৰিমিয়াৰ লীগৰ (WPL 2023) উদ্বোধনী খিতাপ যুঁজত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব (WPL final between MI VS DC) । উল্লেখ্য যে এইবাৰৰ পৰা আৰম্ভ হোৱা ডব্লিউপিএলত দুয়োটা দলেই অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে । লীগ পৰ্যায়ত দিল্লী কেপিটেলছে ছয়টা জয় আৰু দুটা পৰাজয়েৰে মুঠ ১২ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থানত অধিষ্ঠিত হয় আৰু ফাইনেললৈ পোনপটীয়াভাৱে যোগ্যতা লাভ কৰে ।
আনহাতে, সমসংখ্যক জয় আৰু পৰাজয়েৰে ১২ পইণ্টৰ সৈতে দ্বিতীয় স্থানত থকা মুম্বাই ইণ্ডিয়ানছে (দিল্লীৰ হাতত পৰাস্ত হোৱাৰ বাবে দ্বিতীয় স্থান) এলিমিনেটৰত তৃতীয় স্থানত থকা ইউপি ৱাৰিয়াৰ্জক ৭২ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । দুয়োটা দলতেই আছে তাৰকা শক্তি আৰু ৰোমাঞ্চকৰ যুৱ প্ৰতিভাৰ এক মহান মিশ্ৰণ । যাৰ বাবে ফাইনেলত দুয়োটা দলৰে খেল অতি ৰোমাঞ্চকৰ হোৱাৰ সম্ভাৱনা আছে (WPL final 2023) ।
মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে পুৰুষ দলটোৰ অধিনায়ক ৰোহিত শৰ্মাৰ পদাংক অনুসৰণ কৰিবলৈ আগবাঢ়িছে (Mumbai Indians to takes DC in WPL final) । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (IPL) নিজৰ ফ্ৰেঞ্চাইজিক পাঁচটা খিতাপ প্ৰদান কৰিছে ৰোহিত শৰ্মাই । একেদৰে ডব্লিউপিএল খিতাপ জয়ে হৰমনপ্ৰীতৰ কেৰিয়াৰ অধিক উজলাই তোলাৰ পূৰ্ণ সম্ভাৱনা আছে । যাৰ দ্বাৰা মহিলা ক্ৰিকেট ইতিহাসত এটা নতুন যুগৰ আৰম্ভ কৰিব । হৰমনপ্ৰীতে এইবাৰৰ ডব্লিউপিএলত আঠটা ইনিংছত গড়ে 40 ৰাণকৈ তিনিটা অৰ্ধশতকেৰে 244 ৰাণ সংগ্ৰহ কৰিছে ।
মুম্বাই ইণ্ডিয়ানছৰ ক্ষেত্ৰত বিস্ফোৰক অপেনিং যুটি যাষ্টিকা ভাটিয়া (নখন মেচত 111 তকৈ অধিক ষ্ট্ৰাইক ৰেটত 210 ৰাণ) আৰু হেইলি মেথিউজৰ পৰা (9 খন মেচত 258 ৰাণ, এটা অৰ্ধশতক আৰু 127 তকৈ অধিক ষ্ট্ৰাইক ৰেটৰ সৈতে) এক সুন্দৰ আৰম্ভণি দলটোৱে নিশ্চিতভাৱে আশা কৰিব (Mumbai Indians vs Delhi Capitals WPL final) ।
মুম্বাই ইণ্ডিয়ানছৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে দলটোত থকা অলৰাউণ্ডাৰ প্ৰতিভাৰ সমাবেশ । মেথিউৱে নিজৰ সুনাম অনুসৰি ভাল প্ৰদৰ্শন কৰাৰ উপৰি ১৩ টাকৈ উইকেট দখল কৰিছে । নাট স্কিভাৰ-ব্ৰাণ্টে (৯ খন মেচত ১৪৯.৪৫ ষ্ট্ৰাইক ৰেট আৰু দুটা অৰ্ধশতকেৰে ২৭২ ৰাণ আৰু ১০ উইকেট), এমেলিয়া কেৰে (ছয়টা ইনিংছত ১২৯.৮০ ষ্ট্ৰাইক ৰেটেৰে ১৩৫ ৰাণ আৰু ১৩ উইকেট) দলটোক ভাৰসাম্য আৰু বৈচিত্ৰ্য প্ৰদান কৰিছে, যিটো আন দলবোৰৰ বাবে ঈৰ্ষাৰ বিষয় । হিথাৰ গ্ৰাহাম, পূজা বস্ত্ৰকাৰ, ক্লো ট্ৰিয়ন, অমনজ্যোত কৌৰ আৰু হুমাইৰা কাজীক বেছিকৈ ব্যৱহাৰ কৰা হোৱা নাই যদিও তেওঁলোকৰ উপস্থিতিয়ে কিন্তু এমআইৰ উৎকৃষ্ট বেঞ্চ শক্তিৰ প্ৰমাণ ।
বেংগলৰ ২৭ বছৰীয়া স্পিনাৰ চাইকা ঈশাকে নখন মেচত ১৫ টা উইকেট লাভ কৰি বলিং তালিকাত দ্বিতীয় স্থান লাভ কৰে ৷ আজিৰ যুঁজত মুম্বাইৰ বাবে 'এক্স-ফেক্টৰ' হ'ব । এলিমিনেটৰত প্ৰথমবাৰৰ বাবে ডব্লিউপিএলৰ হেট্ৰিক লোৱা ইছি ৱাঙৰ ওচৰত 12 টা উইকেট আছে আৰু তেওঁ বেটিঙতো কিছু মূল্যৱান ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম ।
আনহাতে দিল্লী কেপিটেলছ মুম্বাইতকৈ অধিক শক্তিশালী নহ'লেও যিকোনো মুহূৰ্ততে বিস্ফোৰণ হ'বপৰা গোলাবাৰুদৰ দৰে এটা দল । অধিনায়ক মেগ লেনিং (১৪১.৫৫ ষ্ট্ৰাইক ৰেট আৰু দুটা অৰ্ধশতকেৰে আঠখন মেচত ৩১০ ৰাণ) আৰু শ্বোফালী বাৰ্মাৰ (১৮২.৫৭ ষ্ট্ৰাইক ৰেট আৰু দুটা অৰ্ধশতকেৰে আঠখন মেচত ২৪১ ৰাণ) প্ৰাৰম্ভিক যুটিটোৱে এককভাৱেই মেচ জয়ৰ সোৱাদ দিয়াইছে । তাৰ মাজতে কেতিয়াবা অনুসৰণ কৰা লক্ষ্য ১০ অ'ভাৰৰ ভিতৰতে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।