অসম

assam

ETV Bharat / sports

WPL 2023 : উদ্বোধনী সংস্কৰণ জয়ৰ পাচতে বিজয় উল্লাহ হৰমনপ্ৰীত বাহিনীৰ - WPL trophy

WPLৰ খিতাপ দখল মুম্বাই ইণ্ডিয়ানছৰ । দেওবাৰে ফাইনেলত দিল্লী কেপিটেলছক পৰাস্ত কৰি WPLৰ ট্ৰফী হাতত তুলি ল'লে মুম্বাই ইণ্ডিয়ানছে (MI won WPL 2023)। ঐতিহাসিক বিজৰ পাচতে ষ্টেডিয়ামত মুম্বাইৰ মহিলা খেলুৱৈসকলৰ হৰ্ষোল্লাস ।

WPL 2023
উদ্বোধনী সংস্কৰণ জয়ৰ পাছতে বিজয় উল্লাহ হৰমনপ্ৰীত বাহিনীৰ

By

Published : Mar 27, 2023, 2:09 PM IST

স্পৰ্টছ ডেস্ক,২৭ মাৰ্চ :মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথমটো সংস্কৰণৰ খিতাপ দখল মুম্বাই ইণ্ডিয়ানছৰ (MI won WPL 2023)। WPLৰ ফাইনেলত দিল্লী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰি ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰ নেতৃত্বৰ মুম্বাই ইণ্ডিয়ানছে । খিতাপ দখলৰ পাচতে আনন্দৰ সীমা নাই মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈসকলৰ ।

ট্ৰফী হাতত লৈ মুম্বাইৰ খেলুৱৈসকলে খেলপথাৰত যথেষ্ট আনন্দ উল্লাহ কৰা দেখা গৈছে (WPL Mumbai Indians Celebration)। নিশা বহু দেৰিলৈ ক্ৰিকেট ষ্টেডিয়ামত সকলো খেলুৱৈয়ে এই বিজয় উদযাপন কৰিলে । মুম্বাই ইণ্ডিয়ানছৰ এই উদযাপনক লৈ সামাজিক মাধ্যমতো বিশেষ চৰ্চা হৈছে ।

উল্লেখ্য যে, WPLৰ ফাইনেলত প্ৰথমে বেটিং কৰা দিল্লী কেপিটেলছক ১৩১ ৰাণতে বান্ধি ৰাখিলে মুম্বাইৰ বলাৰসকলে । তাৰ পাচতে সেই লক্ষ্যত উপনীত হ'বলৈ মুম্বাইৰ বেটছমেনসকলক খেলপথাৰত নামে । মুম্বাই ইণ্ডিয়ানছে ৩ টা উইকেট হেৰুৱাই সেই লক্ষ্যত উপনীত হয় । লগে লগে WPLৰ প্ৰথমটো ছিজনৰ খিতাপ অৰ্জন কৰা দল হিচাপে ইতিহাস ৰচনা কৰিলে মুম্বাই ইণ্ডিয়ানছে (WPL 1st season winner)।

মুম্বাইৰ বেটছমেন নাট চিভাৰৰ এটা শ্বটৰ পাচতে খেলখনত জয়ী হয় মুম্বাই । লগে লগে দলটোৰ বাকী সকলো খেলুৱৈয়ে খেলপথাৰলৈ দৌৰিবলৈ আৰম্ভ কৰে আৰু আনন্দত মতলীয়া হৈ পৰে । আনহাতে খেলপথাৰতে মুম্বাই ইণ্ডিয়ানছৰ গ্ৰেণ্ড চেলিব্ৰেচন আৰম্ভ হয় । মুম্বাইৰ খেলুৱৈৰ নৃত্যত একপ্ৰকাৰ গোটেই ষ্টেডিয়াম কঁপি উঠে (MI player celebration)। খেলপথাৰৰ চাৰিওফালে আতচবাজীও আৰম্ভ হয় । খেলুৱৈসকলৰ নৃত্য আৰু আনন্দ উল্লাহৰ ভিডিঅ' ইণ্টাৰনেটত এতিয়া ট্ৰেণ্ডিঙত আছে ।

ইফালে বিচিচিআইৰ সভাপতি ৰ'জাৰ বিন্নী আৰু বিচিচিআইৰ সচিব জয় শ্বাহে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হৰমনপ্ৰীত কৌৰক WPL ট্ৰফী প্ৰদান কৰে (WPL trophy)। ইয়াৰ পাছতে, হৰমনপ্ৰীত কৌৰে দলৰ সকলো খেলুৱৈৰ সৈতে একেলগে ট্ৰফীটো তুলি লৈ আনন্দ উল্লাহ কৰে । এই বিজয়ৰ পাচত সকলো খেলুৱৈকে যথেষ্ট আনন্দিত দেখা গৈছে । খেলুৱৈসকলে মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক ঝুলন গোস্বামীৰ সৈতেও আনন্দ উল্লাহ কৰা দেখা গৈছে ।

লগতে পঢ়ক :Lovlina Borgohain: লাভলীনা বৰগোহাঁইৰ সোণালী জয়ক প্ৰশংসা কংগনা ৰানাৱট অভিষেক বচ্চনৰ

ABOUT THE AUTHOR

...view details