স্পৰ্টছ ডেস্ক, ৩০ জানুৱাৰী : উত্তৰ প্ৰদেশৰ উন্নাও জিলাত এতিয়া চৌদিশে চলি আছে আনন্দ উদযাপন । কিয়নো এই উন্নাও জিলাৰে দুহিতা হৈছে অৰ্চনা দেৱী । কিন্তু কোন এই অৰ্চনা দেৱী ? কিহৰ বাবে এই উদযাপন ? আনহাতে, ফিৰোজাবাদৰ সোনম যাদৱৰ বাসগৃহৰো পৰিস্থিতি একেধৰণৰ । ইটিভি ভাৰতে আপোনালোকক জনাব ইয়াৰ আঁৰৰ কাহিনী । লগতে দিব তেওঁলোকৰ কৃতিত্বৰ প্ৰতিক্ৰিয়া । আগবঢ়াইছে আনন্দ আৰু বেদনাৰ কিছু কথা । উল্লেখ্য, আইচিচি অনূৰ্ধ্ব 19 মহিলা টি-20 বিশ্বকাপ বিজয়ী টীম ইণ্ডিয়াৰ সদস্যা হৈছে এই দুগৰাকী ভাৰতীয় সন্তান (ICC U19 Women T20 World Cup winner India) ।
অৰ্চনাই ২০০৮ চনতে কৰ্কট ৰোগত আক্ৰান্ত হোৱা পিতৃক হেৰুৱাইছিল (Archana Devi Indian U19 women T20 world cup squad) । তেওঁ সেই সময়ত নিচেই সৰু আছিল । আনহাতে, ২০১৭ চনত তেওঁৰ ভায়েকক হেৰুৱাইছিল সৰ্প দংশনত । ইটোৰ পিছত সিটো ট্ৰেজেডীৰে ভৰি পৰিছিল তেওঁৰ জীৱন । ইয়াৰ বিপৰীতে অৰ্চনাৰ মাতৃ সাবিত্ৰীয়ে তেওঁৰ জীয়াৰীৰ কেৰিয়াৰ গঢ়াৰ কামত মনোনিবেশ কৰিছিল । সাবিত্ৰীয়ে ক্ৰিকেট খেলপথাৰত নিজৰ কেৰিয়াৰ গঢ়ি তোলাত অৰ্চনাক সহায় আগবঢ়াবলৈ সংকল্পবদ্ধ হৈছিল । ইয়াৰ বিপৰীতে কিন্তু সাবিত্ৰীৰ এই সিদ্ধান্তক তেওঁৰ আত্মীয়সকলে সমালোচনা কৰিছিল (first U19 women T20 world cup) ।
সাবিত্ৰীক তেওঁৰ জীয়াৰীক 'ভুল পথ'লৈ পঠোৱাৰ বাবে দোষাৰোপ কৰা হৈছিল । তথাপিও ই কিন্তু সাবিত্ৰীক তেওঁৰ জীয়াৰীক কস্তুৰবা গান্ধী ছোৱালী বিদ্যালয়ত নামভৰ্তি কৰাত বাধা দিয়া নাছিল । বিদ্যালয়খন হৈছে তেওঁৰ জন্মগাঁও ৰতাই পূৰ্বাৰ পৰা 345 কিলোমিটাৰ দূৰৈত মোৰাদাবাদৰ ছোৱালীৰ বাবে এখন ব'ৰ্ডিং প্ৰতিষ্ঠান । ক্ৰীড়া ক্ষেত্ৰত অৰ্চনাৰ প্ৰস্তুতি ইয়াতেই আৰম্ভ হৈছিল আৰু তাৰ পৰা তেওঁ ঘূৰি চাবলগা হোৱা নাই (Women cricketer Archana Devi tragic life) ।
"বৰ্তমান পৰিস্থিতি সলনি হৈছে । আত্মীয়সকলে মোৰ কন্যাৰ কৃতিত্বক যথেষ্ট প্ৰশংসা কৰিছে । আমাৰ প্ৰতি মোৰ আত্মীয়সকলৰ মনোভাব সলনি হৈছে । আমাৰ ঘৰটো অতিথি আৰু আত্মীয়ৰে ভৰি আছে । আমি তেওঁলোকক আতিথ্য প্ৰদান কৰাৰ সময়ত স্থানৰ অভাৱৰ সন্মুখীন হৈছোঁ ।" হাঁহিৰে উচ্ছ্বসিত সাবিত্ৰীয়ে এনেদৰে কয় ।
উল্লেখ্য, তেওঁৰ স্বৰ্গগত স্বামী শিৱৰাম আৰু সৰু পুত্ৰ বুধিমান যদি থাকিলেহেঁতেন তেওঁলোকো সুখী হ'লহেঁতেন বুলি সাবিত্ৰীয়ে দোহাৰে । অৰ্চনাই বুধিমানৰ সৈতে ক্ৰিকেট খেলিছিল । এদিন অৰ্চনাই বলটো এটা জোপোহাৰ ফালে মাৰি পঠিওৱাত বুধিমানে বলটো আনিবলৈ জোপোহাৰ মাজত সোমায় । তাতেই লুকাই থকা এডাল সাপে তেওঁক কামোৰে । তাৰ পিছত মৃত্যুশয্যাত থকাৰ সময়ত তেওঁৰ অন্তিম ইচ্ছা আছিল- মাতৃয়ে যেন অৰ্চনাক এগৰাকী ভাল ক্ৰিকেটাৰ বনোৱাত চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি নকৰে । অৰ্চনাক এগৰাকী ক্ৰিকেটাৰ বনোৱাৰ প্ৰতিশ্ৰুতি গ্ৰহণৰ কথা ৰোমন্থন কৰি সাবিত্ৰীয়ে কয় ।