অসম

assam

ETV Bharat / sports

India Sri Lanka ODI : গ্ৰীণফিল্ডত বিৰাট গৰ্জন ! অভিলেখৰ জোৱাৰ কোহলিৰ - Kohli highest century record in home ground

দেওবাৰে নিয়ম ৰক্ষাৰ যুঁজত তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বিৰাট কোহলিৰ বিৰাট প্ৰদৰ্শন । কোহলি-গিলৰ শতকীয় ইনিংছত ভাৰতৰ নিৰ্ধাৰিত ৫০ অ'ভাৰত ৩৯০ ৰাণ সংগ্ৰহ । কোহলিয়ে ১১০ বলত ১৬৬ ৰাণ কৰি অপৰাজিত হৈ থাকে । ইনিংছটো তেওঁ ৮ টা ছয়েৰে সজায় ।

Virat
Virat

By

Published : Jan 15, 2023, 6:25 PM IST

Updated : Jan 16, 2023, 6:35 AM IST

স্পৰ্টছ ডেস্ক, ১৫ জানুৱাৰী :বিৰাট কোহলিৰ ক্ৰিকেট জীৱনৰ ৭৪ সংখ্যক শতৰাণ (Virat Kohli 74th century) । নতুন বছৰত দ্বিতীয়টো শতৰাণ আহিল বিৰাটৰ বেটৰ পৰা । শ্রীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত দুটাকৈ দৰ্শনীয় শতক অৰ্জন কৰে কোহলিয়ে । আঢ়ৈ বছৰ ধৰি শতকৰ মুখ নেদেখাৰ পিছত যি এক অস্বস্তি দেখা গৈছিল বিৰাট কোহলিৰ মাজত, সেয়া পূৰণ কৰিছে ছন্দলৈ উভতি অহাৰ পিছত । আনহাতে, এদিনীয়া ক্রিকেটত এইটো হৈছে বিৰাটৰ ৪৬ সংখ্যক শতক (Virat Kohli 46th century in ODI) । শচীন তেণ্ডুলকাৰৰ শতকৰ সংখ্যা স্পৰ্শ কৰিবলৈ এতিয়া মাথোঁ আৰু তিনিটা শতক লাগে কিং কোহলিক (India Sri Lanka 3rd ODI) ।

আনহাতে, ঘৰুৱা মাটিত এদিনীয়া আন্তর্জাতিক ক্রিকেটত সৰ্বাধিক শতকৰ ৰেকৰ্ড সৃষ্টি কৰে কোহলিয়ে (Kohli highest century record in home ground) । ঘৰুৱা মাটিত শচীন তেণ্ডুলকাৰৰ শতকৰ সংখ্যা হৈছে ২০ টা । ঘৰুৱা খেলপথাৰত ১৬৪ খন এদিনীয়া মেচ খেলিছিল শচীনে । তেওঁৰ এই বিশ্ব ৰেকর্ড গুৱাহাটীতে স্পর্শ কৰিছিল কোহলিয়ে । তিৰুৱনন্তপুৰমত শচীনক চেৰ পেলাই যায় কোহলিয়ে । দেশৰ মাটিত ২১ টা শতক হ'ল ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীৰ । মাত্ৰ ১০৪ খন মেচ খেলি ২১ টা শতক সম্পূৰ্ণ কৰিছে কোহলিয়ে (Sachin Tendulkar highest century record) ।

আন এক পৰিসংখ্যাতো শচীনক চেৰ পেলালে কোহলিয়ে । এটি নির্দিষ্ট প্রতিপক্ষৰ বিৰুদ্ধে সৰ্বাধিক শতকৰ হিচাপত ইমান দিনে যৌথভাৱে শীর্ষত আছিল তেওঁলোক । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯ টা শতক আছে শচীনৰ নামত । গুৱাহাটীত শ্রীলংকাৰ বিৰুদ্ধে নিজৰ নৱম শতক কৰে কোহলিয়ে । তিৰুৱনন্তপুৰমত ১০ নম্বৰ শতক আহে । অর্থাৎ এটি নির্দিষ্ট প্রতিপক্ষৰ বিৰুদ্ধে সৰ্বাধিক শতকৰ অভিলেখ গঢ়ে কোহলিয়ে ।

আন্তর্জাতিক ক্রিকেটত আন এটি ৰেকৰ্ড গঢ়ে কোহলিয়ে । এদিনীয়া ক্রিকেটত সর্বাধিক ৰাণ সংগ্ৰহ কৰা ক্রিকেটাৰসকলৰ তালিকাত শীৰ্ষ পাঁচত প্ৰৱেশ কৰে তেওঁ । ২৬৯ খন মেচত তেওঁৰ ৰাণ হৈছে ১২৭৫৪ । শ্রীলংকাৰ প্রাক্তন ক্রিকেটাৰ মাহেলা জয়বর্ধনক অতিক্ৰমি যায় কোহলিয়ে । তেওঁ ৰাণ হৈছে ১২৬৫০ । এই তালিকাত শীর্ষত আছে শচীন । তেওঁৰ ৰাণ সংখ্যা হৈছে ১৮৪২৬ ।

এদিনীয়া ক্রিকেটত শচীনৰ নামত আছে ৪৯ টা শতক । ৪৬ টা শতক হ'ল কোহলিৰ । কিন্তু বহু কম ইনিংছত ৪৬ টা শতক কৰিছে তেওঁ । শচীনে ৪৬ টা শতক কৰিবলৈ লৈছিল ৪৩১ টা ইনিংছ । কোহলিয়ে লয় মাত্র ২৬৯ টা ইনিংছ ।

তিৰুৱনন্তপুৰমত কোহলিয়ে ১১০ টা বলত ১৬৬ ৰাণ কৰি অপৰাজিত হৈ থাকে । ইনিংছটো তেওঁ ৮ টা ছয়ৰে সজায় । এইখন মেচতেই এদিনীয়া ক্রিকেটত এটা ইনিংছত সর্বাধিক ছয় কোবায় তেওঁ । আনহাতে, এদিনীয়া ক্রিকেটত চাৰিবাৰ ১৫০-ৰ অধিক ৰাণ কৰিছে বিৰাটে । এই নজিৰ অৱশ্যে আছে ৰোহিত শর্মাৰ নামতো । এদিনীয়া ক্রিকেটত ৮ বাৰ এটা ইনিংছত ১৫০ ৰাণৰ অধিক সংগ্ৰহ কৰিছে ৰোহিতে ।

এটা সময়ত বিৰাটে বেটিং কৰিবলৈ নামিলেই শতকৰ অপেক্ষাত আছিল সমর্থকসকল । যিটো সময়ত বিৰাটে ছন্দ হেৰুৱাইছিল, বেটত ৰাণ পোৱা নাছিল, সেই সময়ত উক্ত আশাত কিছু পৰিমাণে চেঁচাপানী পৰিছিল । প্রথম প্রথম অনুভৱ হৈছিল যে যিকোনো মুহূর্ততে ৰাণৰ জোৱাৰ উঠিব কোহলিৰ বেটত । কিন্তু দিন, মাহ পাৰ কৰি যেতিয়া বছৰ অতিক্ৰম কৰে আৰু তিনিওটা ফৰ্মেটৰে ক্রিকেটত বিৰাটৰ ৰাণৰ খৰাং চলিবলৈ আৰম্ভ কৰে, তেতিয়া শতকীয় ইনিংছৰ আশা বহুখিনি কমি যায় । কিন্তু বৰ্তমান পুনৰ সেই পুৰণি বিৰাটক দেখা গৈছে বাইছ গজত । তেওঁ খেলপথাৰত নামিলেই এতিয়া দেখা যায় চকু জুৰ পৰা ক'ভাৰ ড্রাইভ । তেওঁৰ বেটত বল লাগিলেই সেই বল অনায়াসে বাউণ্ডেৰী পাৰ হৈ যায় ।

বিৰাটে যিটো সময়ত শতকৰ মুখ দেখা নাছিল, সেই সময়ত বহুতেই বহু কথাৰে তেওঁক সমালোচনাও কৰা দেখা গৈছিল । কিন্তু বিৰাট তেতিয়াও আছিল নীৰৱ-নিস্তব্ধ । কিন্তু ফৰ্মলৈ উভতিবলৈ আছিল যেন বদ্ধপৰিকৰ । এছিয়া কাপত আফগানিস্তানৰ বিৰুদ্ধে শতক অৰ্জনৰ পিছত বিৰাটে কৈছিল, “মই যেতিয়া টেষ্টৰ অধিনায়কত্ব এৰিছিলোঁ, এজন মাত্র প্রাক্তন ক্রিকেটাৰে মোক ফোন কৰিছিল । বহুতৰ ওচৰতেই মোৰ ফোন নম্বৰ আছে । কিন্তু ফোন কৰিছিল কেৱল মহেন্দ্র সিংহ ধোনিয়ে । ইয়াৰ পৰাই বুজা যায় কোনে মোৰ ভাল বিচাৰে । সঁচাকৈয়ে যদি মোৰ কথা কোনোৱে ভাবি থাকে তেনেহ'লে তেওঁলোকে মোক ফোন কৰিব পাৰিলেহেঁতেন ।”

এটা সময়ত ক্রিকেটৰ পৰা বিৰতি লৈছিল বিৰাট কোহলিয়ে । যিগৰাকী ক্রিকেটাৰে পিতৃৰ মৃত্যুৰ পিছতো ৰঞ্জী ট্ৰফী খেলিবলৈ খেলপথাৰত নামিছিল, তেৱেঁই এমাহ ধৰি বেট হাতত লোৱা নাছিল । ছুটি লৈছিল তেওঁৰ প্রিয় ক্রিকেটৰ পৰা । অৱশ্যে সেই বিৰতিয়ে কামত দিয়ে । মনক শান্ত কৰি পুনৰ ক্রিকেটলৈ উভতে তেওঁ । এছিয়া কাপত টি-২০ ক্রিকেট শতৰাণ কৰে আফগানিস্তানৰ বিৰুদ্ধে । টি-২০ বিশ্বকাপত সৰ্বাধিক ৰাণ কৰিছিল বিৰাটে । সেই ছন্দ এতিয়াও অব্যাহত আছে । বাংলাদেশৰ বিৰুদ্ধেও শতক অৰ্জন কৰে । এতিয়া শ্রীলঙ্কাৰ বিৰুদ্ধে ঘৰুৱা মাটিতো শতক আহিল দুটাকৈ । খেলপথাৰত পুনৰ চিৰপৰিচিত ভঙ্গীত শতক কৰি হেলমেট খুলি বেট ডাঙিছে বিৰাটে । লগতে হাঁহি বিৰিঙিছে সমর্থকসকলৰ মুখতো ।

উল্লেখ্য, বিৰাটে যিটো সময়ত বেটত ৰাণৰ বাবে হাহাকাৰ কৰিবলগা হৈছিল, সেই সময়ত ভাব হৈছিল শচীন তেণ্ডুলকাৰৰ ১০০ টা শতক হয়তো স্পৰ্শ কৰিব নোৱাৰিব তেওঁ । কিন্তু আন্তর্জাতিক ক্রিকেটত ৭৪ সংখ্য শতক এতিয়া তেওঁৰ নামত । বাকী আছে আৰু ২৬ টা । কিন্তু বৰ্তমান যেনেদৰে ফৰ্মলৈ উভতিছে বিৰাট, সেইটো চাই আগন্তুক কেইবছৰমানৰ ভিতৰতে এই মাইলৰ খুঁটি স্পৰ্শ কৰিব পাৰিব বুলিও এতিয়া সমর্থকসকলৰ বিশ্বাস বাঢ়িছে ।

লগতে পঢ়ক :India Sri Lanka ODI Series : আজি শ্ৰীলংকাৰ বিৰুদ্ধে অন্তিম এদিনীয়া, পদ্মনাভস্বামী মন্দিৰত প্ৰাৰ্থনা টীম ইণ্ডিয়াৰ

Last Updated : Jan 16, 2023, 6:35 AM IST

ABOUT THE AUTHOR

...view details