স্পৰ্টছ ডেস্ক, ৪ মে': কলকাতা নাইট ৰাইডাৰ্ছৰ দুজনকৈ খেলুৱৈ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে বি চি চি আই । এনে পৰিস্থিতিত এক বিকল্প হিচাপে আইপিএলৰ ৬০ খন খেলৰ ভিতৰত বাকী থকা খেলকেইখন মুম্বাইত অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছে বুলি জানিব পৰা গৈছে । আনহাতে, ক'ভিড-১৯ মহামাৰীয়ে আটাইতকৈ বেছি প্ৰভাৱিত কৰা ৰাজ্য হৈছে মহাৰাষ্ট্ৰ ।
সোমবাৰে, আহমেদাবাদত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত আইপিএলৰ ৩০ সংখ্যক খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈ বৰুণ চক্ৰৱৰ্তী আৰু সন্দীপ ৱেৰিয়াৰ মহামাৰীত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে খেলখন স্থগিত কৰা হয় । বুধবাৰৰ খেলখন দিল্লীত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।