অসম

assam

ETV Bharat / sports

কিংগছ ইলেভেন পঞ্জাৱৰ হৈ আই পি এল খেলিব ত্ৰিপুৰাৰ উৎকৰ্ষ সিঙে - UTKARSH SINGH SELECTED FOR KINGS XI PUNJAB TEAM FOR UPCOMING IPL 2021

এসময়ত ত্ৰিপুৰাৰ ঘৰুৱা ক্ৰিকেটৰ ১৬ বছৰ অনুৰ্ধৰ দলৰ হৈ খেলা উৎকৰ্ষ সিঙক দেখা যাব আগন্তুক ২০২১ বৰ্ষৰ আই পি এলত । কিংগছ ইলেভেন পঞ্জাৱ দলত অন্তৰ্ভূক্ত হৈছে উৎকৰ্ষ সিঙ ।

ত্ৰিপুৰাৰ উৎকৰ্ষ সিঙে খেলিব আই পি এল
ত্ৰিপুৰাৰ উৎকৰ্ষ সিঙে খেলিব আই পি এল

By

Published : Feb 20, 2021, 2:05 PM IST

স্পৰ্টছ ডেস্ক,২০ ফেব্ৰুৱাৰী: ত্ৰিপুৰাৰ ক্ৰীড়াজগতৰ বাবে এটা ভাল খবৰ । ত্ৰিপুৰা ঘৰুৱা ক্ৰিকেটৰ ১৬ বছৰ অনুৰ্ধৰ দলৰ খেলুৱৈ উৎকৰ্ষ সিঙক দেখা যাব আগন্তুক ২০২১ বৰ্ষৰ আই পি এলত । আই পি এলৰ অন্যতম দল কিংগছ ইলেভেন পঞ্জাৱত অন্তৰ্ভূক্ত হৈছে উৎকৰ্ষ সিঙ । শেহতীয়াকৈ হৈ যোৱা খেলুৱৈসকলৰ নিলাম প্ৰক্ৰিয়াত ঘৰুৱা ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি পঞ্জাৱ দলৰ বাবে উৎকৰ্ষক বাছনি কৰা হৈছে । বৰ্তমান ঝাৰখণ্ড দলৰ হৈ খেলি আছে উৎকৰ্ষ সিং ।

শীৰ্ষ আৰক্ষী বিষয়া ৰাজীৱ সিঙৰ পুত্ৰ উৎকৰ্ষে ২০১২ চনত ত্ৰিপুৰাৰ ঘৰুৱা দলক প্ৰতিনিধিত্ব কৰিছিল । শেহতীয়াকৈ হৈ যোৱা ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা উৎকৰ্ষ সিঙে ২০১৭-১৮ চনত ঝাৰখণ্ডৰ হৈ ৰঞ্জি ট্ৰফী দলত অন্তৰ্ভূক্ত হৈ প্ৰথম শ্ৰেণী ক্ৰিকেটত প্ৰৱেশ কৰিছিল । ২০১৮ চনৰ বিজয় হাজাৰে ট্ৰফীৰ বাবেও ঝাৰখণ্ডৰ হৈ তেওঁ প্ৰথমবাৰলৈ নিৰ্বাচিত হৈছিল আৰু একে বছৰতে উৎকৰ্ষ সিঙে প্ৰথম শ্ৰেণী ক্ৰিকেট প্ৰথম শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

২০১৯ চনত চৈয়দ মোস্তাক আলী ট্ৰফীত ঝাৰখণ্ডৰ হৈ প্ৰথমখন টি-২০ খেলিছিল । এসময়ত ত্ৰিপুৰা দলৰ হৈ খেলা ক্ৰিকেটাৰ গৰাকী আই পি এলত অন্তৰ্ভূক্ত হোৱাৰ লগে লগে এতিয়া যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ত্ৰিপুৰাত ।

লগতে পঢ়ক:ভাৰতীয় ক্ৰিকেটৰ নৱতম কোটিপতি শ্বাহৰুখ খান...

ABOUT THE AUTHOR

...view details