নিউজ ডেস্ক, 28 মে': আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া টাটা আই পি এল 2023 ৰ চূড়ান্ত খেলখনত দেওবাৰে বৰষুণে বিধি-পথালি দিয়ে । নিৰ্ধাৰিত সময়ত আৰম্ভ কৰিব নোৱাৰাৰ বাবে খেলখন সোমবাৰলৈ পিচুৱাই দিয়া হৈছে । সন্ধিয়া 7.30 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া খেলখন বৰষুণৰ বাবে আৰম্ভ কৰিব পৰা নাই । সময় কমি অহাৰ লগে লগে খেলখন চুটি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । 12.06 বজালৈকে খেল আৰম্ভ কৰাৰ সময় সীমা নিৰ্ধাৰণ কৰা হৈছিল (TATA IPL 2023 Final match) ।
কিন্তু বৰ্তমানেও বৰষুণ কমাৰ কোনো লক্ষণ দেখা নাই । সকলোৱে অপেক্ষা কৰিছে আকাশৰ পৰা ডাৱৰ আঁতৰি যোৱালৈ । যদি পাঁচ অভাৰো খেলাটো সম্ভৱ নহয়, তেন্তে খেলখন এদিন পিচুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হয় । চুপাৰ অভাৰ অনুষ্ঠিত কৰিবৰ বাবে অন্তিম সময় নিৰ্ধাৰণ কৰা হৈছিল 12.56 বজালৈ (IPL 2023 Final match delayed) ।
উল্লেখ্য যে, বৰষুণৰ বাবে বৰ্তমানলৈকে খেলখনৰ টচ কৰিব পৰা নাই । সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে ধোনী বাহিনী আৰু পাণ্ডিয়া বাহিনীৰ মাজত অনুষ্ঠিত হ'বলগীয়া এই মেচখন চাবলৈ । টছৰ প্ৰায় আধাঘন্টা পূৰ্বৰ পৰা বৰষুণ আৰম্ভ হয় আহমেদাবাদত । ক্ৰীজখন বৰষুণৰ পৰা বচাবৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে (GT vs CSK IPL 2023 Final) ।