স্প’ৰ্টছ ডেস্ক,১০ জুন:আৰৱত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) বাকী অংশ । অহা ১৯ ছেপ্তেম্বৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত আৰৱ(UAE) ত অনুষ্ঠিত হ'ব IPLৰ বাকী কেইখন খেল । বুধবাৰে এই কথা প্ৰকাশ কৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI) উপ-সভাপতি ৰাজীৱ শুক্লাই । আঠটা ফ্ৰেঞ্চাইজিৰ চাৰিটাৰ শিবিৰত ক'ভিড আক্ৰান্ত ধৰা পৰাৰ পিছতে ৪ মে'ত প্ৰতিযোগিতাখন স্থগিত ৰখা হৈছিল । এতিয়াও প্ৰতিযোগিতাৰ ৩১ খন খেল বাকী ।
আইপিএল শেষ হোৱাৰ লগে লগে আৰম্ভ হ'ব টি-২০ বিশ্ব কাপ(T-20 World Cup)। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (ICC) আনুষ্ঠানিকভাৱে টি-২০ বিশ্বকাপৰ তাৰিখ ঘোষণা কৰা নাই যদিও বিভিন্ন মহলত ১৮ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব বুলি এক চৰ্চা চলিছে । ইফালে টি-২০ বিশ্বকাপ সম্ভৱতঃ আৰৱৰ লগতে আন এখন উপ সাগৰীয় ৰাষ্ট্ৰ ওমানত অনুষ্ঠিত হ'ব । ২৮ জুনৰ ভিতৰত বিচিচিআইয়ে ভাৰতত খেল অনুষ্ঠিত কৰিব পাৰিব নে নাই সেই বিষয়ে আইচিচিক জনাব লাগিব ।