অসম

assam

ETV Bharat / sports

IPL 2022 : দিল্লীৰ বিৰুদ্ধে মুম্বাইৰ জয়, কিন্তু লাভ হ'ল RCBৰ - দিল্লীৰ বিৰুদ্ধে মুম্বাইৰ জয়

শনিবাৰে IPLৰ এক ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হয় (IPL 2022)। দিল্লী বনাম মুম্বাই । কিন্তু খেলখনৰ ফলাফলে আনন্দিত কৰি তুলিলে RCB দল আৰু সমৰ্থকক । নিৰাশ হ'বলগীয়া হ'ল দিল্লী । কিন্তু কিয় ?

IPL
দিল্লীৰ বিৰুদ্ধে মুম্বাইৰ জয়

By

Published : May 22, 2022, 1:49 PM IST

স্পৰ্টছ ডেস্ক,২২ মে' :আইপিএলৰ প্লে-অফত স্থান পালে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (RCB) দলে (RCB went to playoffs of IPL 2022)। শনিবাৰে মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত হোৱা খেলখনৰ ফলাফলৰ পাছতে RCB দলৰ ভাগ্য উদয় হ'ল । খেলখনত মুম্বাই ইণ্ডিয়ানছে জয়ী হোৱাৰ লগে লগে প্লে-অফলৈ যোৱাৰ আশাও ভংগ হ'ল দিল্লীৰ (MI beat DC)। আইপিএলৰ অন্তিত খেলখনত মুম্বাই দলটোৰ সন্মুখত আছিল ১৬০ ৰাণৰ লক্ষ্য ।

কিন্তু ১৯.১ অভাৰতে মুম্বাই দলটোৱে এই লক্ষ্যত উপনীত হয় আৰু ২০২০ চনৰ ফাইনেলিষ্ট দিল্লীৰ আশা ভংগ হয় । দিল্লীয়ে ১৪ পইণ্টৰ সৈতে পঞ্চম স্থানতে সন্তুষ্ট থাকিবলগীয়া হ'ল । আনহাতে RCB দলটোৱে ১৬ পইণ্টেৰে গুজৰাট টাইটানছ, ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ সৈতে প্লে-অফত স্থান লাভ কৰে ।

উল্লেখ্য যে এই খেলখনত মুম্বাই দলটোৱে কেৱল জয়ী হ'বলৈ চেষ্টা কৰা নাছিল । RCB দল আৰু সমৰ্থকসকলেও মুম্বাই জয়ী হোৱাটো বিচাৰিছিল । অৱশ্যে মুম্বাই ইণ্ডিয়ানছে খেলখনত জয়ী হ'লেও তালিকাৰ একেবাৰে শেষতে সন্তুষ্ট থাকিবলগীয়া হয় ।

খেলখনত মুম্বাইৰ ঈশান কিষাণৰ ৪৮ ৰাণ আৰু ডেৱাল্ড ব্ৰেভিছৰ ৩৭ ৰাণ অতি গুৰুত্বপূৰ্ণ আছিল । ইফালে টিম ডেভিডৰ ১১ টা বলত ৩৪ ৰাণে মুম্বাই দলটোক জয়ৰ মুখ দেখুওৱাত অধিক সহায় কৰিছে । লক্ষণীয়ভাৱে তিলক বাৰ্মাইও ১৭ টা বলত ২১ ৰাণৰ এক সুন্দৰ খেল দেখুৱাবলৈ সক্ষম হয় ।

খেলখনত দিল্লীৰ অধিনায়ক ঋষভ পন্তে কেইবাটাও ভুল কৰা বুলি সম্প্ৰতি চৰ্চা হৈছে । ১১.৪ অভাৰত ব্ৰেভিছৰ কট মিছ কৰাৰ লগতে খেলখনৰ টাৰ্ণিং পইণ্ট আছিল ১৪.৩ অভাৰ । কিয়নো যিগৰাকী টিম ডেভিডে ১১ টা বলত ৩৪ ৰাণ সংগ্ৰহ কৰিছিল তেওঁক আউট কৰাৰ এক সুন্দৰ সুযোগ ঋষভ পন্তে হেৰুৱাইছিল । টিম ডেভিডে প্ৰথমটো বলতে কট আউট হৈছিল কিন্তু আম্পায়াৰে নট আউট দিয়াত ঋষভ পন্তেও ৰিভিউ লোৱা নাছিল । সেই ৰিভিউ নোলোৱাটোৱে অৱশেষত বিপদ হ'ল দলটোৰ বাবে ।

লগতে পঢ়ক :World Boxing Championship 2022 : বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় তেলেংগনাৰ নিখাত জাৰিনৰ

ABOUT THE AUTHOR

...view details