স্পৰ্টছ ডেস্ক,২২ এপ্ৰিল : আই পি এলৰ এখন তীব্ৰ উত্তেজনাপূৰ্ণ মেচত শনিবাৰে মুম্বাই ইণ্ডিয়ানছক ঘৰুৱা খেলপথাৰত 13 ৰাণত পৰাস্ত কৰে পঞ্জাৱ কিংছে ৷ প্ৰথমাৱস্থাত মুম্বাই ইণ্ডিয়ানছে সুন্দৰভাৱে স্ক’ৰ আগুৱাই নিয়ে যদিও অন্তিমটো অভাৰত অৰ্শদীপ সিঙে মুম্বাইৰ বিজয়ৰ আশা সমূলি নোহোৱা কৰি পঞ্জাবক জয়ৰ সোৱাদ দিয়ে ৷ আজিৰ খেলখনত অৰ্শদীপ সিঙৰ বলিং প্ৰদৰ্শন আছিল চমকপ্ৰদ ৷ মুম্বাইৰ চাৰিটাকৈ উইকেট দখল কৰি আই পি এল 2023 ত বৰ্তমানলৈকে সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে অৰ্শদীপ(MI vs PBKS Head to Head) ৷
1.1 বলতে মুম্বাই দলে অপেনাৰ ঈশান কিষাণৰ উইকেট হেৰুৱাই যদিও ৰোহিত আৰু গ্ৰীণে বিস্ফোৰক বেটিঙেৰে দল স্ক’ৰ আগুৱাই নিয়ে ৷ ৰোহিত শৰ্মাই 27 টা বলত 44 ৰাণ, গ্ৰীণে 43 টা বলত 67 ৰাণ, সূৰ্যকুমাৰ যাদৱে 26 টা বলত 57 ৰাণ আৰু টিম ডেভিদে 13 টা বলত 25 ৰাণ কৰি দলক বিজয়ৰ দিশে আগুৱাই নিয়ে ৷ কিন্তু অন্তিম অভাৰত মুম্বাইৰ জয়ৰ আশা ভংগ হয় ৷ 19.3 অভাৰত অৰ্শদীপৰ বলত ব’ল্ড হয় তিলক বাৰ্মা ৷ তাৰ পাচতেই নেহাল ৱাধেৰাও আহিয়েই ব’ল্ড হয় ৷ শেষৰটো অভাৰত 16 ৰাণৰ প্ৰয়োজন আছিল যদিও মুম্বাইৰ বাবে সেয়া সম্ভৱপৰ হৈ নুঠিল (Mumbai Indians Vs Punjab Kings Match Preview) ৷