অসম

assam

ETV Bharat / sports

আইপিএল ২০২১: চেন্নাইত উপস্থিত মুম্বাই ইণ্ডিয়ানছ - পিয়ুষ চাৱলা

চেন্নাইৰ এমএ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২১ ৰ খেল ৷ টুৰ্ণামেণ্টৰ অপেনাৰত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে খেলিব মুম্বাই ইণ্ডিয়ানছে ৷ যাৰ বাবে বুধবাৰে মুম্বাই ইণ্ডিয়ানছ দলটো চেন্নাইত উপস্থিত হয় ৷

mumbai-indians-squad-arrives-in-chennai-for-ipl-2021
মুম্বাই ইণ্ডিয়ানছৰ দল আইপিএল ২০২১ ৰ বাবে চেন্নাইত উপস্থিত

By

Published : Apr 1, 2021, 10:10 AM IST

স্পৰ্টছ ডেস্ক,1 এপ্ৰিল:আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২১ ৰ হ’বলগীয়া আৰম্ভণি খেল চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ টুৰ্ণামেণ্টৰ অপেনাৰত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে খেলিব ৷ যাৰ বাবে বুধবাৰে মুম্বাই ইণ্ডিয়ানছ চেন্নাইত উপস্থিত হয় ৷ ক্ৰিকেটাৰ ৰোহিত শৰ্মাই মুম্বাই ইণ্ডিয়ানছৰ টুইটাৰত "নমস্কাৰ চেন্নাই ! মুম্বাই ইণ্ডিয়ানছ এতিয়া ইয়াত" বুলি এটা চমু ভিডিঅ’ পোষ্ট কৰে ৷ পাঁচবাৰৰ আই পি এল চেম্পিয়নসকল আকৌ এবাৰ একেটা দলত লগ হৈছে ৷

লগতে পঢ়ক:লছ এঞ্জেলছত জাহ্নৱীৰ সৈতে আমনিদায়ক সময় কটাইছে খুচীয়ে

বিগত কেইবছৰমান ৰোহিত শৰ্মাৰ নেতৃত্বত দলে খিতাপ অৰ্জন কৰি আহিছে । ৰোহিতৰ লগতে হাৰ্ডিক পাণ্ডিয়া, যশপ্ৰীত বুমৰাহ, ক্ৰণাল পাণ্ডিয়া, সূৰ্যকুমাৰ যাদৱ আৰু কাইৰন প’লার্ডৰ খেল উল্লেখযোগ্য ৷ শেষৰটো বছৰ এটা দিল্লী কেপিটেলছক সহজতে ফাইনেলত পৰাজিত কৰিছিল । যদিও মুম্বাইভিত্তিক ফ্ৰেনছাইজিয়ে বিগত 2013, 2015, 2017, 2019, আৰু 2020 ত পাঁচটাকৈ খিতাপ লাভ কৰিছে ৷

মুম্বাই ইণ্ডিয়ানছ দলটোত আছে- ৰোহিত শৰ্মা, আদিত্য তৰে, অনুকুল ৰয়, আনমোল প্রীত সিং, ক্রিস লিন, ধৱল কুলকাৰ্ণী, হাৰ্ডিক পাণ্ডিয়া, ইষাণ কিষাণ, যশপ্রীত বুমৰাহ, যয়ন্ত যাদৱ, কাইৰণ পোলার্ড, ক্ৰনাল পাণ্ডিয়া, মহচিন খান, কুইনটন ডি ক’ক, ৰাহুল ছহৰ, সৌৰভ তিৱাৰী, সূৰ্যকুমাৰ যাদৱ, ট্ৰেণ্ট ব’ল্ট, আদাম মিলনি, নাথান কৌল্টাৰ-নিলে, পীয়ুষ চাৱলা, জিমি নীছম, য়ুধবীৰ ছৰক, মাৰক’ জানচেন, অৰ্জুন তেণ্ডুলকাৰ ৷

লগতে পঢ়ক:জনপ্ৰিয় পঞ্জাৱী কণ্ঠশিল্পী দিলজানৰ দেহাৱসান

ABOUT THE AUTHOR

...view details