স্পৰ্টছ ডেস্ক, ২০ মাৰ্চ:ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চলি থকাৰ মাজতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ এক অভিলেখ । আইপিএলত চেন্নাই দলটোৰ অধিনায়ক হিচাপে ২০০ খন খেল খেলিলে ধোনীয়ে । সোমবাৰে ৱাংখেডেত অনুষ্ঠিত ৰাজস্থানৰ বিৰুদ্ধে খেলখনৰ জৰিয়তে এই খিতাপ অৰ্জন ধোনীৰ । চিএছকেৰ হৈ আইপিএল আৰু চেম্পিয়নছ লীগ টি-২০ ত ধোনীয়ে মুঠ ২০৭ খন খেলত অৱতীৰ্ণ হৈছে । যোৱা সপ্তাহত পাঞ্জাৱৰ বিৰুদ্ধে হোৱা খেল খনৰ জৰিয়তে ধোনীয়ে দলটোৰ হৈ ২০০ খন খেল খেলাৰ অভিলেখ গঢ়িছিল । ইফালে ২০১২ চনত চেম্পিয়নছ লীগৰ এখন খেলত সুৰেশ ৰাইনা চিএছকেৰ অধিনায়ক আছিল ।
চিএছকে নিষিদ্ধ হৈ থকাৰ সময়ত ধোনীয়ে ২০১৬-১৭ বৰ্ষত ৰাইজিং পুনে চুপাৰজায়েণ্টৰ হৈ ৩০ খন আইপিএল মেচ খেলিছিল । ৩৯ বছৰীয়া খেলুৱৈ গৰাকীৰ নেতৃত্বত চিএছকে দলটোৱে এতিয়ালৈ তিনিবাৰকৈ আইপিএলৰ খিতাপ লাভ কৰিছে । লগতে আইপিএলত ৪,৬৩২ ৰাণ সংগ্ৰহ কৰি শীৰ্ষ ৰাণ সংগ্ৰহকাৰীৰ তালিকাত ৮ম স্থানত আছে এম এছ ধোনী ।