স্পৰ্টছ ডেস্ক, ৬ অক্টোবৰ :চলি আছে আইপিএল (IPL)। ইতিমধ্যে প্লে অফত (Playoff) প্ৰৱেশ কৰিছে চেন্নাই চুপাৰ কিংছে (CSK) । ইয়াৰ সমান্তৰালকৈ চেন্নাই চুপাৰ কিংছৰ সমৰ্থকৰ বাবে আন এক ভাল খবৰ । কাৰণ ২০২২ চনত অৰ্থাৎ আইপিএলৰ পৰৱৰ্তী সংস্কৰণটো দলটোৰ হৈ খেলিব মহেন্দ্ৰ সিং ধোনীয়ে । মঙলবাৰে দলটোৰ অধিনায়ক এম এছ ধোনীয়ে এক ইংগিত প্ৰদান কৰি কয় যে কমেও আন এটা ছিজনত ফ্ৰেঞ্চাইজিৰ হৈ খেলা অব্যাহত ৰাখিব ধোনীয়ে ।
সম্ভৱত তাৰ পাছতে আইপিএলৰ পৰাও অৱসৰ গ্ৰহণ কৰিব ধোনীয়ে । ২০২২ চনত বৃহৎ নিলামৰ পিছত চেন্নাই চুপাৰ কিংছত এই পৰিৱৰ্তন আহিব বুলি ইতিমধ্য চৰ্চা চলিছে । অৱশ্যে, ৪০ বছৰীয়া উইকেটকিপাৰ বেটছমেনজনে ইণ্ডিয়া চিমেণ্টছৰ ৭৫ তম বাৰ্ষিকী উদযাপনৰ এক অনুষ্ঠানত কয় যে তেওঁ চেন্নাইত তেওঁৰ অন্তিমখন খেল খেলিব বিচাৰে ।
ভাৰ্চুৱেল অনুষ্ঠানৰ সময়ত অনুৰাগীসকলৰ সৈতে কথা পাতি ধোনীয়ে কয় যে বিদায়ৰ দিনটোত তেওঁক অনুৰাগীয়ে চিএছকেৰ (CSK) হৈ খেলি থকা দেখিব পাৰে । তেওঁ লগতে কয় যে অনুৰাগীয়ে তেওঁক বিদায় দিয়াৰ সুযোগ পাব ।