অসম

assam

ETV Bharat / sports

আই পি এল-২০২১: চেন্নাইত উপস্থিত ধোনী

বুধবাৰে চেন্নাই ছুপাৰ কিংছ (চিএছকে)ৰ কেপ্তেইন মহেন্দ্ৰ সিং ধোনীয়ে আই পি এল-২০২১ ৰ বাবে চেন্নাইত উপস্থিত হয় । চিএছকেৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী অমবাতি ৰায়ুডুয়েও বুধবাৰে চেন্নাইত উপস্থিত হয় ।

By

Published : Mar 4, 2021, 1:50 PM IST

আই পি এল-২০২১ঃ চেন্নাইত উপস্থিত ধোনী
আই পি এল-২০২১ঃ চেন্নাইত উপস্থিত ধোনী

স্পৰ্টছ ডেস্ক, ৪ মাৰ্চ: বিশ্বজুৰি কৰ'ণা সংক্ৰমণৰ মাজতে বুধবাৰে আইপিএলৰ প্ৰস্তুতিৰ বাবে ধোনীয়ে চেন্নাইত উপস্থিত হয় ৷ চেন্নাই ছুপাৰ কিংছ (চিএছকে)ৰ কেপ্তেইন মহেন্দ্ৰ সিং ধোনীয়ে আইপিএল-২০২১ অনুষ্ঠিত হোৱাৰ পূৰ্বে চেন্নাইত উপস্থিত হোৱাত উষ্ম আদৰণি জনোৱা হয় ।

১১ মাৰ্চত প্ৰশিক্ষণ শিবিৰ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাক্তন অধিনায়কগৰাকীৰ লগতে সকলো খেলুৱৈয়ে Covid-১৯ পৰীক্ষা কৰাৰ লগতে পাঁচ দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব । উল্লেখ্য যে, চিএছকেৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী অমবাতি ৰায়ুডুয়েও বুধবাৰে চেন্নাইত উপস্থিত হয় । ৯ মাৰ্চৰ পৰা প্ৰশিক্ষণ শিবিৰ আৰম্ভ হোৱাৰ কথা চিএছকেৰ মুখ্য কাৰ্যবাহী বিষয়া কে এছ বিশ্বনাথনে জনায় ।

লগতে পঢ়ক: স্পিনিং ট্ৰেককলৈ সমালোচনা কৰা পক্ষক উভটি ধৰিলে বিৰাট কোহলীয়ে

ABOUT THE AUTHOR

...view details