নিউজ ডেস্ক, 23 এপ্ৰিল: ঘৰুৱা খেল পথাৰত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে যুঁজি যুঁজি অৱশেষত হাৰ মানিবলৈ বাধ্য হ’ল কলকাতা নাইট ৰাইডাৰ্ছে ৷ চেন্নাই দলে বান্ধি দিয়া 236 ৰাণৰ লক্ষ্য অনুসৰণ কৰি 20 অভাৰত 186 ৰাণ কৰিবলৈ সক্ষম হয় কলকাতাই ৷ 49 ৰাণত জয়লাভ কৰি 10 পইন্টেৰে তালিকাৰ শীৰ্ষ স্থানত চেন্নাই ছুপাৰ কিংছ (CSK beats KKR in IPL)৷
নিৰ্ধাৰিত 20 অভাৰত চি এছ কেয়ে 236 ৰাণৰ এক বিশাল লক্ষ্য বান্ধি দিয়ে কে কে আৰক ৷ প্ৰথম দুই অভাৰত 1 ৰাণতে দুটা উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হোৱা কে কে আৰ দললক কিছু স্থিতি প্ৰদান কৰে ভেংকটেশ আয়াৰ আৰু অধিনায়ক নীতিশ ৰাণাই ৷ আয়াৰে 20 আৰু ৰাণাই 27 ৰাণ কৰি আউট হোৱাৰ পাচতেই দলটোৰ খেলৰ গতিৰ দ্ৰুত পৰিৱৰ্তন ঘটে (KKR Vs CSK match result) ৷
জেচন ৰয় আৰু ৰিংকু সিঙে ক্ৰীজত শ্বটৰ ধুমুহা আনে ৷ 19 টা বলতে অৰ্ধশতক অৰ্জন কৰা ৰয়ে কে কে আৰৰ বিজয়ৰ আশা উজ্জল কৰি তুলিছিল ৷ ইফালে ৰিংকু সিঙেও নিজৰ চিৰ পৰিচিত বেটিং শৈলীৰে সেই আশাক অধিক উজলাই তোলে ৷ কিন্তু 61 ৰাণ কৰি ৰয় আৰু 53 ৰাণ কৰি ৰিংকু সিং আউট হোৱাৰ পাচতে পৰাজয় নিশ্চিত হৈ পৰে কে কে আৰৰ ৷ 20 অভাৰত 8 টা উইকেট হেৰুৱাই 186 ৰাণ সংগ্ৰহ কৰে কে কে আৰে (KKR vs CSK match) ৷
টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কে কে আৰৰ ৷ চি এছ কেৰ দুই অপেনাৰ ঋতুৰাজ আৰু কনৱে’ৰ সুন্দৰ আৰম্ভণি ৷ ডেভিড কনৱে’ৰ 56, আজিংক্য ৰাহানেৰ 71 আৰু শিৱম ডুবেৰ 50 ৰাণৰ সহায়ত শক্তিশালী স্থিতিত চি এছ কে ৷ কে কে আৰক বান্ধি দিলে 236 ৰাণৰ লক্ষ্য ৷
টাটা আই পি এল 2023 ত বৰ্তমানলৈকে 6 খন খেল খেলিছে চেন্নাই ছুপাৰ কিংছে ৷ এম এছ ধোনী নেতৃত্বাধীন দলটো বৰ্তমালৈকে 4 খন খেলত জয়ী হোৱাৰ বিপৰীতে 2 খন খেলত পৰাস্ত হৈছে ৷ আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে বৰ্তমালৈকে 6 খন খেল খেলি 2 খনত জয়ী হোৱাৰ বিপৰীতে 4 খনত পৰাজয় বৰণ কৰিছে (KKR Vs CSK live updates) ৷