অসম

assam

ETV Bharat / sports

IPL 2023 KKR Vs PK: ডি এল এছ পদ্ধতিৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছক 7 ৰাণত পৰাস্ত কৰিলে পঞ্জাৱে - IPL 2023 Live updates

IPL 2023 ৰ আজিৰ খেলত মুখামুখি হৈছে কলকাতা নাইট ৰাইডাৰ্ছ বনাম পঞ্জাৱ কিংছ ৷ বৰ্ষাবিঘ্নিত খেলখনত DLS পদ্ধতিৰ সহায় লোৱাত 7 ৰাণত জয়লাভ কৰে পঞ্জাৱ দলে ৷

IPL 2023
IPL 2023 updates

By

Published : Apr 1, 2023, 4:04 PM IST

Updated : Apr 1, 2023, 8:04 PM IST

নিউজ ডেস্ক, 1 এপ্ৰিল: আই পি এল 2023 ৰ দ্বিতীয়খন খেলত কলকাতা নাইট ৰাইডাৰ্ছক 7 ৰাণত পৰাস্ত কৰে পঞ্জাৱ কিংছ দলে ৷ পঞ্জাৱে নিৰ্ধাৰণ কৰি দিয়া 192 ৰাণৰ লক্ষ্য লৈ কলকাতা দলে 16 অভাৰত 7 উইকেটৰ বিনিময়ত 146 ৰাণ কৰাৰ সময়তে বৰষুণে বিধি-পথালি দিয়ে ৷ ফলত DLS পদ্ধতিৰ সহায় লোৱাত 7 ৰাণত জয়লাভ কৰে পঞ্জাৱ দলে ৷ (IPL 2023 KKR vs PK) ৷ দ্বিতীয়খম খেলত মুখামুখি হৈছে দিল্লী কেপিটেলচ আৰু লক্ষ্ণৌ চুপাৰ জায়েন্ট ৷

পঞ্জাৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট সংগ্ৰহ কৰিছে 191 ৰাণ ৷ অপেনাৰ প্ৰভচিমৰণে প্ৰথমেই আক্ৰমণাত্মক বেটিঙেৰে দুই অভাৰত দলৰ স্ক’ৰ 23 ৰাণত উপনীত কৰে ৷ কিন্তু টিম চাউথিৰ বলত উইকেট কীপাৰ গুৰবাজৰ হাতত কেচ দি পেভিলিয়নমুখী হয় প্ৰভচিমৰণ ৷ ইয়াৰ পাচতে অধিনায়ক তথা আন গৰাকী অপেনাৰ শিখৰ ধৱন আৰু বি ৰাজাপাকছাই সুন্দৰ বেটিঙেৰে দলৰ স্ক’ৰ আগুৱাই নিয়ে ৷ 10.2 অভাৰত দলৰ স্ক’ৰ 109 ৰাণ হৈ থকা অৱস্থাত পঞ্জাৱে ৰাজাপাকছাৰ উইকেট হেৰুৱাই ৷ শ্ৰীলংকাৰ খেলুৱৈগৰাকীয়ে 32 টা বলত 50 ৰাণ সংগ্ৰহ কৰে ৷ অধিনায়ক শিখৰ ধৱনে সংগ্ৰহ কৰে 29 টা বলত 40 ৰাণ ৷ KKR ৰ হৈ টিম চাউথিয়ে দুটা উইকেট দখল কৰে (IPL 2023 Live updates) ৷

ইফালে 192 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা KKR দলটো প্ৰথমেই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় ৷ 1.1 অভাৰত মাত্ৰ 13 ৰাণত অপেনাৰ মনদীপ সিঙৰ উইকেট হেৰুৱাওৱাৰ পিচত একেটা অভাৰতে 17 ৰাণত অনুকুল ৰয়ো পেভিলিয়নমুখী হয় ৷ 4.2 অভাৰত দৰ স্ক’ৰ 29 ৰাণ হৈ থকা অৱস্থাত আউট হয় ৰহমানউল্লাহ গুৰবাজ ৷ 16 টা বলত 22 ৰাণ কৰে গুৰবাজে ৷ ভেংকটেশ আয়াৰ আৰু নিতীশ ৰাণাই দলটোৰ স্ক’ৰ কিছু আগবঢ়াই নিয়ে যদিও 9.2 অভাৰত 24 ৰাণ কৰি আউট হয় ৰাণা ৷ ভেংকটেশ আয়াৰে 34 ৰাণ কৰি আউট হয় ৷ ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ এণ্ড্ৰি ৰাছেলে 19 টা বলত 35 ৰাণ কৰি আউট হয় ৷ কিন্তু বৰষুণৰ বাবে খেলখনত DLS পদ্ধতিৰ সহায় ল’ব লগীয়া হয় ৷ (IPL 2023 match updates) ৷

পঞ্জাৱ কিংছ দলত আছে শিখৰ ধৱন(অ), প্ৰভসিমৰণ সিং, ভানুকা ৰাজাপাকছা, জিতেশ শৰ্মা, শ্বাহৰুখ খান, ছেম কাৰাণ, শিকন্দৰ ৰাজা, নাথন এলিছ, হৰপ্ৰীত ব্ৰাৰ, ৰাহুল চহৰ আৰু অৰ্শদ্বীপ সিং (Punjab Kings playing squad) ৷

কলকাতা নাইট ৰাইডাৰ্ছ দলত আছে ৰহমানউল্লাহ গুৰবাজ, মনদীপ সিং, ভেংকটেশ আয়াৰ, নিতীশ ৰাণা(অ), ৰিংকু সিং, এণ্ড্ৰি ৰাছেল, শ্বাৰ্দুল ঠাকুৰ, টিম চাউথী, অনুকুল ৰয়, উমেশ যাদৱ আৰু বৰুণ চক্ৰবৰ্তী (KKR playing squad) ৷

KKR ৰ অধিনায়ক নীতিশ ৰাণাই কয়, "আমি প্ৰথমে বলিং কৰিম, যোৱা দুদিনত বৰষুণ হৈছে গতিকে কিছু আৰ্দ্ৰতা আছে । মই উচ্ছ্বাসিত কাৰণ অতি কম সংখ্যক লোকে এই সুযোগ পায় । এয়া ক্ৰিকেটৰ এখন খেল গতিকে ইমান চাপ নাই ৷ খেলুৱৈসকলৰ প্ৰভাৱ প্ৰাৰম্ভিক পৰ্যায়ত আছে । আমি চাব লাগিব যাতে, আমি লোৱা সিদ্ধান্তবোৰ সঠিক বুলি প্ৰমাণিত হয় (IPL 2023 updates)।’’

আনহাতে, পঞ্জাৱৰ অধিনায়ক শিখৰ ধৱনে কয়, "আমি প্ৰথমে ফিল্ডিং কৰিলোহেঁতেন । আমি এটা সুন্দৰ দল পাইছো, গতিকে আশাকৰোঁ আমি ভাল কাম কৰিম । দলৰ প্ৰস্তুতি ভাল হৈছে আৰু আমি খেলখনত আধিপত্য বিস্তাৰ কৰিবলৈ আশা কৰিছোঁ ৷ আমি ট্ৰফী জয় কৰিবলৈ আগ্ৰহী আৰু মই সন্মুখৰ পৰা নেতৃত্ব দিবলৈ বিচাৰিছো । আমাৰ বহিঃৰাষ্ট্ৰৰ খেলুৱৈসকল হ'ল ভানুকা, নাথান এলিছ আৰু ছেম কাৰাণ (IPL match schedule) ।’’

লগতে পঢ়ক:IPL 2023 : জয়েৰে আইপিএল অভিযান আৰম্ভ গুজৰাটৰ

Last Updated : Apr 1, 2023, 8:04 PM IST

ABOUT THE AUTHOR

...view details