নিউজ ডেস্ক,২মে’:সোমবাৰে নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল ২০২৩ৰ কম স্ক’ৰৰ খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ১৮ ৰানত পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে । প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ২০ অভাৰত ১২৬/৯ ৰান সংগ্ৰহ কৰে ৷ খেলখন চলি থকাৰ মাজতে বৰষুণে কিছু বিধি-পথালিও দিয়ে । আৰ চি বিৰ অধিনায়ক ফাফ ডু প্লেছিছে ৪৪ ৰান সংগ্ৰহ কৰি শীৰ্ষ স্ক’ৰাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ বিপৰীতে তেওঁৰ অপেনিং পাৰ্টনাৰ বিৰাট কোহলীয়ে ৩১ ৰান সংগ্ৰহ কৰে । এই যুটিয়ে ৯ অভাৰত ৬২ ৰান সংগ্ৰহ কৰে (RCB Vs LSG match news)।
ইনিংছ বিৰতিৰ পিচত আৰচিবিৰ বলাৰসকলে বিধ্বংসী বলিঙেৰে ১৯.৫ অভাৰত এল এছ জিক ১০৮ ৰানত অল আউট আউট কৰে ৷ পিটছখন বলাৰৰ বাবে সুন্দৰ আছিল যদিও বেটছমেনৰ বাবে প্ৰতিকূল হোৱা দেখা যায় । ফিল্ডিঙৰ সময়ত এল এছ জিৰ অধিনায়ক কে এল ৰাহুল আঘাতপ্ৰাপ্ত হৈ ৯ উইকেট পতনৰ পিচতহে বেটিং কৰিবলৈ আহে ৷ তেওঁৰ দলটোক ৮ টা বলত ২৪ ৰাণৰ প্ৰয়োজন হোৱাৰ সময়ত কোনো সহায় কৰিব পৰা নাছিল । আৰচিবিৰ বলাৰৰ ভিতৰত স্পিনাৰ কৰ্ণ শৰ্মা আৰু পেচমেন জছ হেজলউডে 2 টাকৈ উইকেট সংগ্ৰহ কৰে (Virat Kohli Gautam Gambhir spat) ।
ইফালে মেচখনৰ পিচত কোহলী আৰু ভাৰতৰ প্ৰাক্তন অ’পেনাৰ গৌতম গম্ভীৰৰ মাজত কিছু বাক-বিতণ্ডা হোৱা দেখা যায় ৷ যিটো বিষয়ত বিশেষজ্ঞ অনিল কুম্বলে অসন্তুষ্ট হয় । তেওঁ কয়, "বহুত আৱেগ সোমাই যায় কিন্তু আপুনি ইয়াত সেই আৱেগসমূহ প্ৰদৰ্শন কৰিব নিবিচাৰে । এইটো গুৰুত্বপূৰ্ণ, আপুনি কথা-বতৰা পাতিব লাগিব । কিন্তু এইধৰণৰ বাক-বিতণ্ডা কৰাটো গ্ৰহণযোগ্য নহয় ।"(Anil Kumble comments on Virat Gambhir spat)