অসম

assam

ETV Bharat / sports

IPL 2023 RR vs PBKS: মৰণপণ যুঁজ দিও পঞ্জাৱৰ হাতত 5 ৰাণত পৰাস্ত ৰাজস্থান ৰয়েলছ - IPL match in Guwahati

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মুখামুখি হৈছে ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছ ৷ পঞ্জাৱৰ বিৰুদ্ধে 5 ৰাণত পৰাস্ত ৰাজস্থান (IPL 2023 RR vs PBKS) ৷

IPL 2023 RR vs PBKS
IPL 2023 RR vs PBKS

By

Published : Apr 5, 2023, 7:31 PM IST

Updated : Apr 6, 2023, 12:28 AM IST

নিউজ ডেস্ক, 5 এপ্ৰিল:এখন চূড়ান্ত প্ৰতিদ্বন্দিতামূলক খেলৰ সাক্ষী হ'ল বৰ্ষাপাৰা ষ্টেডিয়ামত সমবেত হাজাৰ হাজাৰ ক্ৰিকেট প্ৰেমী । ঘৰুৱা ফিল্ডলত ঘৰৰ ল'ৰা ৰিয়ান পৰাগক দেখি উফুল্লিত হৈ পৰিল অসমৰ ক্ৰীড়াপ্ৰেমী । আজিৰ খেলখন অনুষ্ঠিত হৈছিল পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত । RR ৰ বিৰুদ্ধে 5 ৰাণত জয়লাভ কৰে PBKS দলে (IPL2023 RR Vs PBKS) ।

PBKS য়ে নিৰ্ধাৰণ কৰি দিয়া 193 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা RRৰ এক সিদ্ধান্তই আচৰিত কৰি তোলে দৰ্শকক । কিয়নো অফেনিং কৰিবলৈ যশস্বী জয়ছৱালৰ সৈতে আহে ৰবীচন্দ্ৰন আশ্বিন । সেয়া যেন ভুল সিদ্ধান্ত আছিল দলৰ । 1.3 বলত 11 ৰাণ কৰি আউট হয় জয়ছোৱাল । তাৰ পাচতেই 3.2 অভাৰত কোনো ৰাণ নকৰাকৈ পেভিলিয়নলৈ ওভতে আশ্বিন । বাটলাৰ আৰু চেমচনে কিছু আক্ৰমনাত্মক শ্বট খেলে যদিও 19 ৰাণ কৰিয়েই বাটলাৰ কেচ আউট হয় । আজিৰ খেলত সকলোৰে দৃষ্টি নিবদ্ধ থকা ৰিয়ান পৰাগে 20 ৰাণ কৰে । চেমচনে 42, পাডিক্কলে 21, হেইটমাৰে 36, জুৰেলে 32 ৰাণ কৰে । মৰণপন যুঁজ দিলেও পিচে 5 ৰাণত পৰাজয় বৰণ কৰে RR দলে । 20 অভাৰত 7 টা উইকেট হেৰুৱাই 192 ৰাণ কৰিবলৈ সক্ষম হয় দলটো ।

ইয়াৰ পূৰ্বে টচত জিকি বলিঙৰ সিদ্ধান্ত লয় RR এ ৷ নিৰ্ধাৰিত 20 অভাৰত (IPL 2023 RR vs PBKS) ৷ নিৰ্ধাৰিত 20 অভাৰত 4 টা উইকেট হেৰুৱাই 197 ৰাণ সংগ্ৰহ কৰে PBKS দলে ৷ জয়ৰ বাবে RR ক প্ৰয়োজন 198 ৰাণ (IPL 2023 news) ৷

PBKS ৰ দুই অপেনাৰ শিখৰ ধৱন আৰু প্ৰভসীমৰণ সিঙে বৰ্ষাপাৰাত শ্বটৰ বৰষুণ নমাই আনে ৷ বিস্ফোৰক বেটিঙেৰে দুই অপেনাৰে প্ৰথম উইকেটৰ যুটিত সংগ্ৰহ কৰে 90 ৰাণ ৷ প্ৰভসীমৰণে 3 টা বলত 60 ৰাণ সংগ্ৰহ কৰে ৷ 7 টা বাউণ্ডেৰী আৰু 3 টা অভাৰ বাউণ্ডেৰী কোবাই প্ৰভসীমৰণে ৷ 9.4 অভাৰত পেভিলিয়নমুখী হয় প্ৰভসীমৰণ ৷ ইফালে অধিনায়ক শিখৰ ধৱনে 56 বলত 9 টা বাউণ্ডেৰী আৰু 3 টা অভাৰ বাউণ্ডেৰীৰে মুঠ 86 ৰাণ কৰি নট আউট হৈ থাকে ৷ জিতেশ শৰ্মাই 27 ৰাণৰ বৰঙণি যোগায় ৷ RR ৰ হৈ জেচন হোল্ডাৰে 2 টা উইকেট সংগ্ৰহ কৰে ৷

ৰাজস্থান ৰয়েলছ: যশস্বী জয়ছৱাল, জছ বাটলাৰ, সঞ্জু চেমচন (C&Wc), দেৱদত্ত পডিক্কাল, ৰিয়ান পৰাগ, চিমৰন হেটমেয়াৰ, জেচন হোল্ডাৰ, ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট ব'ল্ট, কে এম আচিফ, যুজবেন্দ্ৰ চাহাল ৷

পঞ্জাৱ কিংছ : শিখৰ ধৱন (C), প্ৰভসীমৰণ সিং, ভানুকা ৰাজপাক্ষে, জিতেশ শৰ্মা (Wc), শ্বাহৰুখ খান, ছেম কুৰান, চিকন্দৰ ৰাজা, নাথান এলিছ, হৰপ্ৰীত ব্ৰাৰ, ৰাহুল চাহাৰ, আৰ্শদীপ সিং

ইতিমধ্যে ক্ৰিকেট অনুৰাগীসকলে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভিৰ কৰা পৰিলক্ষিত হৈছে । কিয়নো গুৱাহাটীত এইখন IPL ৰ প্ৰথম খেল ৷ লগতে ৰাজস্থান দলত আছে অসমৰ খেলুৱৈ ৰিয়ান পৰাগ ৷ গতিকে সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকে ৰিয়ানৰ প্ৰদৰ্শনৰ ওপৰত (IPL match in Guwahati) ৷

লগতে পঢ়ক:IPL 2023: ক্ৰমাগতভাৱে দ্বিতীয়খন মেচতো জয়লাভ গুজৰাট টাইটানছৰ

Last Updated : Apr 6, 2023, 12:28 AM IST

ABOUT THE AUTHOR

...view details