নিউজ ডেস্ক, 28 এপ্ৰিল: এক বিশাল স্ক’ৰৰ অনুসৰণ কৰি অৱশেষত 56 ৰাণত পৰাজয় স্বীকাৰ কৰিলে শিখৰ ধাৱন নেতৃত্বাধীন পঞ্জাৱ কিংছ দলে ৷ আই পি এলৰ শুকুৰবাৰৰ খেলখন অনুষ্ঠিত হৈছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু পঞ্জাৱ কিংছৰ মাজত (LSG vs PBKS match result) ৷
টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে পঞ্জাৱ কিংছে ৷ বিস্ফোৰক বেটিঙেৰে খেলখনত পঞ্জাৱৰ বিৰুদ্ধে লক্ষ্ণৌৱে সংগ্ৰহ কৰে আই পি এল 2023 ৰ সৰ্বোচ্চ ৰাণ ৷ 20 অভাৰত 5 টা উইকেট হেৰুৱাই 257 ৰাণ সংগ্ৰহ কৰে লক্ষ্ণৌৱে (IPL 2023 highest target) ৷
প্ৰথমে বেটিং কৰিবলৈ আহি লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুল 12 ৰাণ কৰিয়েই আউট হয় ৷ তাৰ পাচতেই খেলখনে গতি কৰে অন্য এক দিশলৈ ৷ মেয়াৰ্ছ, ষ্টইনিছ, বাদোহি, পুৰাণ প্ৰতিজন বেটছমেনেই শ্বটৰ ধুমুহা নমাই আনে খেলপথাৰলৈ ৷ মাত্ৰ 24 টা বল খেলি মেয়াৰ্ছে সংগ্ৰহ কৰে 54 ৰাণ ৷ একেদৰে 24 টা বলত 43 ৰাণৰ বৰঙণি যোগায় আয়ুস বাদোহিয়ে (LSG beats PBKS in IPL) ৷
লক্ষ্ণৌৰ আজিৰ এই অভিলেখ সংখ্যক ৰাণৰ মূল নায়ক আছিল মাৰ্কাছ ষ্টইনিছ ৷ 40 টা বল খেলি পঞ্জাৱৰ বলাৰৰ মাজত ত্ৰাস সৃষ্টি কৰি ষ্টইনিছে 72 ৰাণ সংগ্ৰহ কৰে ৷ পুৰাণেও বেটিঙৰ ছন্দ মিলাই 19 টা বলত 45 ৰাণৰ এটা সুন্দৰ ইনিংছ খেলে ৷ 20 অভাৰত 257 ৰাণ সংগ্ৰহ কৰে লক্ষ্ণৌৱে ৷ পঞ্জাৱৰ বাবে এয়া আছিল এক ডাঙৰ প্ৰত্যাহ্বান (PBKS vs LSG IPL match) ৷
258 ৰাণৰ লক্ষ্যৰে বেটিং আৰম্ভ কৰা পঞ্জাৱে প্ৰথম দুটা উইকেট খুব সোনকালেই হেৰুৱাই যদিও টাইডে আৰু ৰাজাই খেলৰ গতি সলনি কৰে ৷ লক্ষ্ণৌৰ বেটছমেনৰ দৰেই প্ৰতিটো বলতে নিৰ্মম প্ৰহাৰ কৰিবলৈ লয় দুয়োগৰাকী খেলুৱৈয়ে ৷ লিয়াম লিভিংষ্টন, কুৰাণ, জিতেশ শৰ্মাকে ধৰি প্ৰতিজন বেটছমেনেই দলক জয়ী কৰাবলৈ বেটিঙত সুন্দৰ সহযোগ কৰে (IPL 2023 live score) ৷
টাইডে 36 বলত 66, ৰাজাই 36, লিভিংষ্টনে 23, কুৰাণে 21 আৰু জিতেশ শৰ্মাই 24 ৰাণৰ বৰঙণি যোগায় ৷ পঞ্জাৱে 19.5 অভাৰত 201 ৰাণ কৰি অল আউট হয় ৷ কিন্তু 200 ৰাণ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা পঞ্জাৱৰ প্ৰদৰ্শনকো লেখত ল’বলগীয়া হয় খেলখনত (IPL 2023 news) ৷