নিউজ ডেস্ক, 9 মে’: মঙলবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক পৰাস্ত কৰি আই পি এল 2023 ৰ পইন্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হ’ল মুম্বাই ইণ্ডিয়ানছ ৷ টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লোৱা মুম্বাইক বিপক্ষ দল বেংগালুৰুৱে 200 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ৷ কিন্তু 16.3 অভাৰতে চাৰিটা উইকেটত হেৰুৱাই বিজয় সাব্যস্ত কৰে মুম্বাই ইণ্ডিয়ানছে (MI beats RCB) ৷
অপেনাৰ ঈশানে 21 টা বলত 42 ৰাণ, সূৰ্যকুমাৰ যাদৱে দৰ্শনীয় 35 টা বলত 83 ৰাণ আৰু ৱাধেৰাই 34 টা বলত 52 ৰাণ কৰি দলক বিজয় লক্ষ্যত উপনীত কৰে ৷ অৱশ্যে আজিও বেটিং প্ৰদৰ্শনত বিফল হয় মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মা ৷
বৰ্তমান পইন্ট তালিকাত প্ৰথম স্থানত গুজৰাট টাইটানছ , দ্বিতীয় স্থানত চেন্নাই ছুপাৰ কিংছ, তৃতীয় স্থানত মুম্বাই ইণ্ডিয়ানছ, চতুৰ্থ স্থানত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ, পঞ্চম স্থানত ৰাজস্থান ৰয়েলছ আৰু ষষ্ঠ স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ ৷ (MI vs RCB) ৷
ইতিমধ্যে প্ৰথমে বেটিং কৰি ৰয়েলছেলেঞ্জাৰ্ছ বেংগালুৰুৱে 20 অভাৰত 6 টা উইকেট হেৰুৱাই 199 ৰাণ সংগ্ৰহ কৰে ৷ অধিনায়ক ডু প্লেছিছে 65 ৰাণ, মেক্সৱেলে 68 ৰাণ, দিনেশ কাৰ্তিকে 30 ৰাণ সংগ্ৰহ কৰে ৷ মুম্বাইৰ হৈ জেচন বেহৰেনড্ৰফে 3 টা উইকেট দখল কৰে (MI vs RCB match report) ৷
টছত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই কয়, "আমি প্ৰথমে বলিং কৰিবলৈ ওলাইছো । আমাৰ বাবে ভাল হৈছে, আমি ইয়াত টাৰ্গেট লৈ খেলিছো, ভাল পিটচ । দেখাত এটা টিপিকেল গ্ৰাছ কভাৰিং আছে । কেনে খেলিব সেইটো নিশ্চিত নহয় । কিন্তু আমি শ্ৰেষ্ঠ প্ৰদৰ্শনৰ আশা কৰিছোঁ । আমি এই খেলখনৰ গুৰুত্ব বুজি পাইছোঁ, আমাৰ নিয়ন্ত্ৰণত যি আছে সেয়া আমাৰ নিয়ন্ত্ৰণতে ৰাখিবলৈ চেষ্টা কৰিছোঁ । বাকী কি হয় দেখা যাব । আৰ্চাৰ আজিৰ খেলৰ পৰা বাহিৰ হৈছে ৷ আমি জৰ্ডানক আজিৰ খেলত অন্তৰ্ভুক্ত কৰিছোঁ (MI vs RCB live blog) ৷
ৰয়েল চেলেঞ্জাৰছৰ অধিনায়ক ফাফ ডু প্লেছিছে টছত কয়, "সাধাৰণতে এই খেলপথাৰৰ প্ৰকৃতি টাৰ্গেট অনুসৰণ কৰিব পৰা । ডাঙৰ স্ক'ৰে সদায় স্ক'ৰবৰ্ডত চাপৰ সৃষ্টি কৰে । আশাকৰোঁ, আমি তেওঁলোকৰ ইনিংছত উইকেট পাম । দৌৰত বহু দল আছে । সেই তৃতীয় আৰু চতুৰ্থ স্থানৰ বাবে আমি ভাল ক্ৰিকেট খেলিব লাগিব । আমাৰ দলত কৰ্ণ শৰ্মাৰ ঠাইত বিজয়কুমাৰক অন্তৰ্ভুক্ত কৰা হৈছে ।" (MI vs RCB live blog)
মুম্বাই ইণ্ডিয়ানছ (প্লেয়িং একাদশ):ৰোহিত শৰ্মা(C), ঈশান কিষান(w), কেমেৰন গ্ৰীণ, সূৰ্যকুমাৰ যাদৱ, টিম ডেভিদ, নেহাল ৱাধেৰা, ক্ৰীছ জৰ্ডান, পীয়ুষ চাওলা, আকাশ মাধৱাল, কুমাৰ কাৰ্তিকেয়া, জেছন বেহৰেণ্ডৰ্ফ ।
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (প্লেয়িং একাদশ): বিৰাট কোহলী, ফাফ ডু প্লেছিছ(C), অনুজ ৰাৱাট, গ্লেন মেক্সৱেল, মহিপাল লমৰৰ, দীনেশ কাৰ্তিক(w), ৱানিন্দু হাছাৰংগা, হৰ্শাল পেটেল, বিজয়কুমাৰ, মহম্মদ চিৰাজ, জোছ হেজলউড
লগতে পঢ়ক:KKR vs PKBS match report: পঞ্জাৱৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ কলকাতাৰ