স্পৰ্টছ ডেস্ক,২২ এপ্ৰিল :IPL 2023 ৰ আজিৰ প্ৰথমখন খেলত গুজৰাট টাইটানছৰ হাতত শোচনীয়ভাৱে পৰাস্ত হয় লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ৷ 136 ৰাণৰ লক্ষ্যও অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল পইন্ট তালিকাৰ দ্বিতীয় স্থানত থকা LSG ৷ আৰম্ভণিৰ পৰা অন্তিম অভাৰলৈকে খেলি দলক জয়ী কৰাবলৈ অধিনায়ক কে এল ৰাহুলে কৰা চেষ্টা অথলে গ’ল ৷ খেলখনৰ অন্তিম অভাৰটোৱে গোটে প্ৰেক্ষাপট সলনি কৰি দিয়ে (GT beats LSG by 7 runs) ৷
GT ৰ বাবে বিশেষ হৈ পৰিল খেলৰ অন্তিমটো অভাৰ ৷ বিজয়ৰ বাবে ৰাণ সংগ্ৰহ কৰিবলৈ গৈ LSG য়ে সেই অভাৰটোত চাৰিটাকৈ উইকেট হেৰুৱাই ৷ GT ৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই শেষৰ অভাৰৰ বাবে বলটো তুলি দিছিল মোহিত শৰ্মাৰ হাতত ৷ অধিনায়কৰ বিশ্বাসক সঁচা প্ৰতিপন্ন কৰি মোহিতে 4 জনকৈ খেলুৱৈক পেভিলিয়নলৈ পঠিয়াবলৈ সক্ষম হয় ৷ ইয়াৰে দুটা কেটচ্ আউট আৰু দুটা ৰাণ আউট (IPL 2023 GT Vs LSG match updates) ৷
GT য়ে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 136 ৰাণৰ লক্ষ্য বান্ধি দিছিল LSG ক ৷ এই টাৰ্গেট IPL বাৰ T20 মেচৰ ক্ষেত্ৰত বৰ বিশেষ কঠিন টাৰ্গেট বুলি সাধাৰণতে গণ্য কৰা নহয় ৷ কিন্তু LSG য়ে সেই সামান্য টাৰ্গেটো অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল ৷ অপেনাৰ ৰাহুল আৰু মেয়াৰ্ছে আৰম্ভণিতে সুন্দৰ প্ৰদৰ্শন কৰিছিল ৷ 24 ৰাণ কৰি মেয়াৰ্ছ আউট হোৱাৰ পাচত ক্ৰীজলৈ অহা ক্ৰুণাল পাণ্ডিয়াৰ বেটৰ পৰাও 23 ৰাণ আহে ৷ কিন্তু পাণ্ডিয়া আউট হোৱাৰ পাচতেই নিয়মিত গতিত LSG ৰ উইকেটৰ পতন ঘটে ৷ ৰাহুলে প্ৰথম অভাৰৰ পৰা অন্তিম অভাৰলৈকে খেলি 61 টা বলত 68 ৰাণ সংগ্ৰহ কৰে (LSG Vs GT match result) ৷
ৰাহুল ক্ৰীজত থকালৈকে LSG ৰ জয়ৰ আশা আছিল যদিও 19.2 অভাৰত মোহিত শৰ্মাৰ বলত কেটচ আউট হয় ৰাহুল ৷ ৰাহুলে 61 টা বলত 68 ৰাণ সংগ্ৰহ কৰে ৷ তাৰ পাচতেই বেটিং কৰিবলৈ অহা ষ্টইনিছেও প্ৰথম বলটো বাউণ্ডেৰীলৈ মাৰি পঠিয়াই যদিও মিলাৰে এটা সুন্দৰ কেটচ ধৰি ষ্টইনিছক পেভিলিয়নমুখী কৰে ৷ তাৰ পিচৰ দুটা বলত বাদোনি আৰু দীপক হুদাই 2 ৰাণ ল’বলৈ গৈ ৰাণ আউট হয় ৷ ফলত 7 ৰাণত পৰাস্ত হয় LSG (IPL 2023 live updates) ৷