নিউজ ডেস্ক, 3 মে’: বুধবাৰে আই পি এল 2023ৰ 45 সংখ্যক মেচখনত মুখামুখি হৈছে চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ৷ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই খেলখন ৷ টচত জিকি প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চেন্নাই ছুপাৰ কিংছে ৷ পাইন্ট তালিকাত বৰ্তমান লক্ষ্ণৌ ছুপাৰ জায়েন্টছ তৃতীয় স্থানত থকাৰ বিপৰীতে চতুৰ্থ স্থানত আছে চেন্নাই ছুপাৰ কিংছ (IPL 2023 CSK vs LSG) ৷
পূৰ্বৰ খেলখনত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে এইখন খেলত অব্যাহতি দিয়া হৈছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক কে এল ৰাহুলক ৷ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত অধিনায়কৰ দায়িত্ব দিয়া হৈছে ক্ৰুণাল পাণ্ডিয়াক ৷ প্ৰথমে বেটিং কৰি বিপৰ্যয়ৰ সন্মুখীন হোৱা দেখা গৈছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৷ 44 ৰাণতে 5 টাকৈ উইকেট হেৰুৱাইছে দলটোৱে (IPL Match live updates) ৷
টছৰ সময়ত ক্ৰুণাল পাণ্ডিয়াই কয়, ‘‘আমি প্ৰথমে বেটিং কৰিব বিচাৰিছিলোঁ আৰু সেয়াই হ’ল । বেটছমেনসকলে নিজৰ প্ৰদৰ্শন দেখুওৱাৰ সুযোগ পাবহ । কে এল ৰাহুলৰক অনুপস্থিতি এক ডাঙৰ ক্ষতি, তেওঁ এজন উচ্চ মানদণ্ড থকা খেলুৱৈ ৷ কিন্তু ই এটা সুযোগ সৃষ্টি কৰিছে । মনোবল যথেষ্ট উচ্চ, আমি কিছু ইতিবাচক ক্ৰিকেট খেলিব বিচাৰিছো । মনন (ভোহৰা) আৰু কৰণ (শৰ্মা) দলত অন্তৰ্ভুক্ত হৈছে ।" (CSK vs LSG match report)