অসম

assam

ETV Bharat / sports

IPL 2023 MI Vs GT: মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 55 ৰাণত জয়ী গুজৰাট টাইটানছ - GT Vs MI match report

IPL 2023 ৰ আজিৰ খেলত মুম্বাই ইণ্ডিয়ানছক 55 ৰাণত পৰাস্ত কৰিলে গুজৰাট টাইটানছে (IPL 2023 MI Vs GT) ৷ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত গুজৰাট ৷

IPL 2023 MI Vs GT
Mumbai Indians opt to bowl vs Gujarat Titans

By

Published : Apr 25, 2023, 8:02 PM IST

Updated : Apr 26, 2023, 12:42 AM IST

নিউজ ডেস্ক, 25 এপ্ৰিল:কেৱল বেটিঙৰ দ্বাৰাই নহয়, বলিঙেৰেও মঙলবাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এলৰ এখন খেলত নিজৰ শক্তিৰ পুনৰ এবাৰ পৰিচয় দিলে গুজৰাট টাইটানছে ৷ 2022 চনৰ আই পি এলত আত্মপ্ৰকাশ কৰিয়েই খিতাপ দখল কৰিবলৈ সক্ষম হোৱা দলটোৱে এইবাৰো সুন্দৰ প্ৰদৰ্শনেৰে উমান দিছে যে, পুনৰ এবাৰ খিতাপ দখলৰ বাবে তেওঁলোকে কিমান যুঁজিব পাৰে (GT beats MI in IPL 2023)৷

মঙলবাৰে অনুষ্ঠিত খেলখনত টচত জিকি বলিঙৰ সিদ্ধান্ত লয় মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই ৷ প্ৰথমে বেটিং কৰিবলৈ আহি 12 ৰাণতে ঋদ্ধিমান সাহাৰ উইকেট হেৰুৱালেও তাৰ পাচতেই খেলৰ গতি সলনি হয় গুজৰাটৰ ৷ শুভমন গিলৰ বিস্ফোৰক বেটিঙৰ আগত তিষ্ঠিব পৰা নাছিল মুম্বাইৰ কোনো বলাৰে ৷ 34 টা বল খেলি 56 ৰাণ কৰে গিলে ৷ কেৱল গিলেই নহয়, মিলাৰ আৰু অভিনৱেও মুম্বাইৰ বলাৰৰ মাজত ত্ৰাস সৃষ্টি কৰি দলৰ স্ক’ৰ 207 কৰে ৷ মিলাৰে 46 আৰু অভিনৱে 42 ৰাণ কৰে (IPL 2023 MI vs GT match) ৷

ইফালে, বলিঙত কিছু পৰিমাণে বিফল হোৱাৰ পাচত 208 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা মুম্বাইৰ বাবে যেন আজি দিনটো বৰ সুখকৰ নাছিল ৷ 2 ৰাণ কৰিয়েই আউট হয় অধিনায়ক ৰোহিত ৷ ঈশান কিষাণেও 13 ৰাণ কৰিয়েই বিদায় লয় ৷ গ্ৰীণ (33), সূৰ্যকুমাৰ(23),নেহালৰ(40) প্ৰদৰ্শন যথেষ্ট নাছিল এই বিশাল টাৰ্গেট অতিক্ৰম কৰি জয়ী হ’বলৈ (GT Vs MI match report) ৷

কিয়নো বলিঙতো সমানেই শক্তিশালী প্ৰদৰ্শন কৰে গুজৰাট টাইটানছে ৷ নুৰ আহমেদে তিনিটা, ৰছিদ খানে 2 টা আৰু পূৰ্বৰ খেলখনত অন্যতম নায়কৰ ভূমিকা লোৱা মোহিত শৰ্মাই 2 টা উইকেট দখল কৰি মুম্বাইক 152 ৰাণতে আবদ্ধ কৰি ৰাখে ৷ ফলত 55 ৰাণৰ ব্যৱধানত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ ৷ এই বিজয়ৰ সহায়ত 10 পইন্টেৰে তালিকাৰ দ্বিতীয় পৰ্যায়লৈ উন্নীত হয় গুজৰাট টাইটানছ (IPL 2023 point table) ৷

খেলুৱৈ সমূহ-

গুজৰাট টাইটানছ (প্লেয়িং একাদশ): ঋদ্ধিমান সাহা(W), শুভমন গিল, হাৰ্দিক পাণ্ডিয়া(C), বিজয় শংকৰ, ডেভিদ মিলাৰ, অভিনৱ মনোহৰ, ৰাহুল তেৱাটিয়া, ৰছিদ খান, মহম্মদ শামী, নূৰ আহমদ, মোহিত শৰ্মা

মুম্বাই ইণ্ডিয়ানছ (প্লেয়িং একাদশ): ৰোহিত শৰ্মা(C), ঈশান কিষান(W), কেমেৰন গ্ৰীণ, সূৰ্যকুমাৰ যাদৱ, টিম ডেভিদ, নেহাল ৱাধেৰা, কুমাৰ কাৰ্তিকেয়া, অৰ্জুন টেণ্ডুলকাৰ, ৰাইলী মেৰেডিথ, পীয়ুষ চাওলা, জেছন বেহৰেণ্ডৰ্ফ

গুজৰাট টাইটানছৰ অতিৰিক্ত খেলুৱৈ: যশোৱা লিটল, দছুন শনাকা, শিৱম মাভি, ৰবি শ্ৰীনিবাসন সাই কিশোৰ, শ্ৰীকৰ ভাৰত

মুম্বাই ইণ্ডিয়ানছৰ অতিৰিক্ত খেলুৱৈ: ৰমনদীপ সিং, তিলক বৰ্মা, ছামছ মুলানী, বিষ্ণু বিনোদ, সন্দীপ ৱাৰিয়ৰ

লগতে পঢ়ক:IPL 2023 Dc Vs SRH: দ্বিতীয়খন মেচত জয়ী দিল্লী; এতিয়াও পইন্ট তালিকাৰ শেষত

Last Updated : Apr 26, 2023, 12:42 AM IST

ABOUT THE AUTHOR

...view details