নিউজ ডেস্ক, 4 এপ্ৰিল:IPL 2023ত ক্ৰমাগতভাৱে দ্বিতীয়খন মেচত জয়ী হল গুজৰাট টাইটানছ (GT)। মঙলবাৰে অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলচৰ বিৰুদ্ধে খেলা খেলখনত 6 উইকেটত জয়ী হয় হাৰ্দিক পাণ্ডিয়া বাহিনী । টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছিল GTৰ অধিনায়ক পাণ্ডিয়াই । প্ৰথমে বেটিং কৰি DCয়ে 20 অভাৰত 163 ৰাণৰ টাৰ্গেট দিয়ে GT ক (IPL match updates) ।
GTৰ দুই অপেনাৰ সাহা আৰু গিল 36 ৰাণতে আউট হোৱাৰ পাচত সাই সুদৰ্শনে সুন্দৰ বেটিঙেৰে দলক বিজয়ৰ দিশে লৈ যায় । সুদৰ্শনে 48 টা বলত 62 ৰাণ কৰে । সুদৰ্শনক সহায় আগবঢ়াই বিজয় শংকৰ(29) আৰু ডেভিদ মিলাৰে (31) । ইয়াৰ আগৰখ মেছত CSK ৰ বিৰুদ্ধে জয়ী হৈছিল GT ।
আজিৰ খেলখনত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অবাৰত 162 ৰাণ সংগ্ৰহ কৰে দিল্লী দলে । DC ৰ অধিনায়ক ডেভিদ ৱাৰ্ণাৰে 32 ৰাণ, চাৰফৰাজ খানে 30 ৰাণ, অক্ষৰ পেটেলে 36 ৰাণ আৰু অভিষেক পৰেলে 20 ৰাণ কৰে ৷ GT ৰ হৈ মহম্মদ চামিয়ে 3 টা, ৰছিদ খানে 3 টা আৰু জোছেফে 2 টা উইকেট দখল কৰে ৷
ডেভিদ ৱাৰ্ণাৰ: এটা সুন্দৰ উইকেট যেন লাগিছে । যোগাত্মক দিশেৰে আগবাঢ়িব লাগিব ৷ আমি আশা কৰোঁ যে, ভাল খেল দেখুৱাবলৈ সক্ষম হ’ম ৷ আনৰিছ আৰু পৰেলৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ৰোভমেনক বাদ দিয়া হৈছে (Delhi Capitals vs Gujarat Titans) ৷