অসম

assam

ETV Bharat / sports

DC vs SRH IPL match: দিল্লীৰ বিৰুদ্ধে 9 ৰাণ জয়ী হায়দৰাবাদ; অথলে গ’ল ষ্ট্ৰেচৰ 4 উইকেট তথা অৰ্ধশতক - DC vs SRH match updates

আই পি এলৰ এখন খেলত শনিবাৰে মুখামুখি হয় দিল্লী কেপিটেলছ আৰু ছান ৰাইজাৰ্ছ হায়দৰাবাদ ৷ দিল্লীক 9 ৰাণত পৰাস্ত কৰে হায়দৰাবাদে (DC vs SRH IPL match) ৷

DC vs SRH IPL match
Sunrisers Hyderabad opt to bat vs DC

By

Published : Apr 29, 2023, 8:56 PM IST

Updated : Apr 30, 2023, 1:00 AM IST

নিউজ ডেস্ক, 29 এপ্ৰিল: পুনৰ এবাৰ আই পি এলত পৰাজয়ৰ সন্মুখীন হ’ল দিল্লী কেপিটেলছ ৷ শনিবাৰে ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলা খেলখনত 9 ৰাণত পৰাস্ত হয় দিল্লী ৷ হায়দৰাবাদে বান্ধি দিয়া 198 ৰাণৰ লক্ষ্য আগত লৈ 20 অভাৰত 188 ৰাণ সংগ্ৰহ কৰে দিল্লীয়ে (Delhi Capitals vs Sunrisers Hyderabad) ৷

প্ৰথমে বেটিং কৰি হায়দৰাবাদে অপেনাৰ অভিষেক শৰ্মাৰ 67 ৰাণ আৰু ক্লাছেনৰ 53 ৰাণৰ সহায়ত দিল্লীৰ বিৰুদ্ধে 6 টা উইকেট হেৰুৱাই 197 ৰাণ সংগ্ৰহ কৰে আব্দুল আহমেদে 28 ৰাণৰ বৰঙণি যোগায় ৷ দিল্লীৰ মিটচেল ষ্ট্ৰেছে 4 টাকৈ উইকেট দখল কৰে হায়দৰাবাদৰ (Delhi Capitals vs Sunrisers Hyderabad live) ৷

198 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা দিল্লীয়ে প্ৰথম অভাৰৰ দ্বিতীয়টো বলতে অধিনায়ক ৱাৰ্ণাৰৰ উইকেট হেৰুৱাই ৷ ফিলিপ আৰু মাৰ্শ্বে ক্ৰমে 59 আৰু 63 ৰাণৰ অনবদ্য ইনিংছ খেলে যদিও দুয়োগৰাকী খেলুৱৈ আউট হোৱাৰ পাচতে দিল্লীৰ ৰাণৰ সংখ্যা কমি আহে ৷ ফলত 20 অভাৰত 6 টা উইকেট হেৰুৱাই 188 ৰাণ কৰিবলৈ সক্ষম হয় দিল্লীয়ে (DC vs SRH match updates) ৷

আজিৰ বিজয়েৰে হায়দৰাবাদ নৱমৰ পৰা অষ্টম স্থানলৈ উন্নীত হয় যদিও এতিয়াও দশম স্থানতে আছে দিল্লী ৷ তালিকাৰ প্ৰথম স্থানত আছে গুজৰাট টাইটানছ (DC vs SRH IPL match) ৷

দিল্লী কেপিটেলছ (প্লেয়িং একাদশ):ডেভিড ৱাৰ্নাৰ(C), ফিলিপ ছল্ট(Wk), মিচেল মাৰ্ছ, মনীষ পাণ্ডে, প্ৰিয়ম গাৰ্গ, অক্ষৰ পেটেল, ৰিপাল পেটেল, কুলদীপ যাদৱ, অনৰিচ নৰ্টজে, ঈশান্ত শৰ্মা, মুকেশ কুমাৰ ৷

দিল্লীৰ অতিৰিক্ত খেলুৱৈ: সৰফৰাজ খান, ললিত যাদৱ,অভিষেক পোৰেল, খলিল আহমেদ, প্ৰবীণ ডুবে ।

ছানৰাইজাৰ্ছ হায়দৰাবাদ (প্লেয়িং ইলেভেন): হেৰী ব্ৰুক, মায়াংক আগৰৱাল, ৰাহুল ত্ৰিপাঠী, এডেন মাৰ্ক্ৰাম(C), হেনৰিখ ক্লাসেন(Wk), অভিষেক শৰ্মা, আব্দুল চামাদ, আকেল হোচেইন, ভুৱনেশ্বৰ কুমাৰ, মায়াংক মাৰ্কাণ্ডে, উমৰণ মালিক ৷

হায়দৰাবাদৰ অতিৰিক্ত খেলুৱৈ: মাৰ্কো জান্সেন, বিভ্ৰান্ত শৰ্মা, গ্লেন ফিলিপছ, মায়ংক ডাগাৰ, নটৰাজন ।

লগতে পঢ়ক:TATA IPL 2023 : ইডেনত গুজৰাটৰ বিৰুদ্ধে 7 উইকেটত পৰাস্ত কলকাতা

Last Updated : Apr 30, 2023, 1:00 AM IST

ABOUT THE AUTHOR

...view details