নিউজ ডেস্ক, 21 এপ্ৰিল:শুকুৰবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এখন মেচত চেন্নাই ছুপাৰ কিংছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰে ৷ ডেভন কনৱেই অপেনিং পাৰ্টনাৰ ৰুতুৰাজ গাইকৱাডৰ সৈতে প্ৰথমে ৮৭ ৰান সংগ্ৰহ কৰে । ১৩৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডৰ এইগৰাকী খেলুৱৈয়ে অপৰাজিতভাৱে ৫৭ বলত ৭৭ ৰান কৰাৰ বিপৰীতে গাইকৱাডে ৩০টা বলত ৩৫ ৰান সংগ্ৰহ কৰে ৷ এম চিদাম্বৰম ষ্টেডিয়ামত চি এছ কেয়ে ১৮.৪ অভাৰত ৩ উইকেটত ১৩৮ ৰাণ সংগ্ৰহ কৰে (Chennai Super Kings vs Sunrisers Hyderabad)।
ইয়াৰ পূৰ্বে ভাৰতৰ স্পিনাৰ ৰবীন্দ্ৰ জাদেজাই তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি হায়দৰাবাদক কম স্ক’ৰত সীমাবদ্ধ কৰি ৰাখে । জাদেজাই অ’পেনাৰ অভিষেক শৰ্মা (৩৪), ৰাহুল ত্ৰিপাঠী (২১) আৰু মায়ংক আগৰৱাল (২)ক আউট কৰে ৷ ৩৪ বছৰীয়া খেলুৱৈজন নিজৰ চাৰি অভাৰত ৩/২২ৰ সংখ্যাৰে নিজৰ দলৰ বাবে সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হয় (IPL match live updates) ।
থোৰতে স্ক’ৰ-
ছানৰাইজাৰ্ছ হায়দৰাবাদ: ২০ অভাৰত ১৩৪/৭ (অভিষেক শৰ্মা ৩৪, ৰাহুল ত্ৰিপাঠী ২১; ৰবীন্দ্ৰ জাদেজা ৩/২২, মথিশা পথিৰানা ১/২২)।
চেন্নাই ছুপাৰ কিংছ: ১৮.৪ অভাৰত ৩ উইকেটত ১৩৮ ৰান (ডেভন কনৱে ৭৭, ৰুতুৰাজ গাইকৱাদ ৩৫; মায়ংক মাৰ্কাণ্ডে ২/২৩)।
শুকুৰবাৰে চেন্নাইত অনুষ্ঠিত হোৱা আই পি এলৰ মেচখনত চেন্নাই ছুপাৰ কিংছৰ স্পিন বলাৰ বিশেষকৈ ৰবীন্দ্ৰ জাডেজাই এক চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আলহী দলটোক ৭ উইকেটত ১৩৪ ৰানত সীমাবদ্ধ কৰি ৰাখে ৷ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটছমেনসকলৰ বাবে ই ট্ৰাইল বাই স্পিন আছিল । চি এছ কেৰ হৈ জাদেজাই ২২ ৰাণত ৩ টা উইকেট সংগ্ৰহ কৰি শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিগণিত হয় ৷ আনহাতে অভিষেক শৰ্মা (৩৪) ছানৰাইজাৰ্ছৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল (CSK Vs SRH match) ।