নিউজ ডেস্ক, 6 মে’: এম এ চিদাম্বৰম ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে উইকেটত জয়লাভ চেন্নাই ছুপাৰ কিংছৰ ৷ প্ৰথমে বেটিং কৰি মুম্বাই দলে 20 অভাৰত 139 ৰাণ কৰে ৷ প্ৰত্যুত্তৰত 17.4 অভাৰত 4 উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ চেন্নাইৰ হৈ গাইকোৱাডে 30, কনৱে’ 44, ৰাহানেয়ে 21, ডুবেয়ে 26 আৰু ৰায়ুডুৱে 12 ৰাণ কৰে (CSK vs MI live updates) ৷
প্ৰথমে বেটিং কৰি মুম্বাই দলে 20 অভাৰত 8 টা উইকেট হেৰুৱাই 139 ৰাণ সংগ্ৰহ কৰে ৷ গ্ৰীণ, ঈশান আৰু ৰোহিত শৰ্মাৰ হতাশজনক বেটিঙৰ পাচত নেহাল, সূৰ্যকুমাৰ যাদৱ আৰু ষ্টাবছে দলৰ স্ক’ৰ 139 লৈ নিয়ে ৷ নেহালে 64 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে যাদৱে 26 আৰু ষ্টাবছে 20 ৰাণ কৰে (IPL 2023 match updates) ৷
ৰোহিত শৰ্মা:আমাৰ যাত্ৰা যথেষ্ট ভালকৈ চলি আছে, দুখনমান ভাল খেল আছিল, মাত্ৰ জয়ৰ ধাৰা অব্যাহত ৰখাৰ কথা । আমাৰ কিছু চিন্তা আছে, কিন্তু আমি প্ৰদৰ্শন ভাল কৰিবলৈ আৰম্ভ কৰিছো । সঠিক খেলুৱৈ আৰু সঠিক যুটি বিচাৰি উলিওৱাটো প্ৰত্যাহ্বানজনক হৈ পৰিছে । আমি জানো আমাৰ শক্তি আৰু ফিট হ'ব পৰা খেলুৱৈ আছে । দুটা পৰিৱৰ্তন কৰা হৈছে দল ৷ কুমাৰ কাৰ্তিকেয়াক অব্যাহতি দি ৰাঘৱ গোৱালৰ অভিষেক ঘটোৱা হৈছে । তিলক বাৰ্মা অসুস্থ, তেওঁৰ ঠাইত ট্ৰিষ্টান ষ্টাবছক দলত স্থান দিয়া হৈছে (CSK vs MI live updates)।
এম এছ ধোনী : আমি প্ৰথমে বলিং কৰিম । অলপ বৰষুণ হোৱাৰ আশংকা কৰা হৈছে, সেয়া এটা কাৰক হ’ব পাৰে ৷ ভাল ক্ৰীজ যেন লাগিছে আৰু আমি বিচাৰো যে তেওঁলোকে আমাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰক । প্ৰতিজন খেলুৱৈয়ে ভাল কাম কৰিছে, সকলোৱে খেলপথাৰত কিছু মনোযোগ দেখুৱাব পাৰে, আমি প্ৰতিখন খেলতে উন্নতি কৰিছো ৷ কিছুমান অসুবিধা হৈছে, কিন্তু আমি ভালকৈ শেষ কৰিব লাগিব । আমি একেটা দলৰ সৈতে খেলি আছো (CSK vs MI match report ) ।