নিউজ ডেস্ক, 8 এপ্ৰিল: IPL 2023 ত ক্ৰমাগতভাৱে দ্বিতীয়খন মেচত CSK ৰ জয় আৰু MI ৰ পৰাজয় ৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামাত অনুষ্ঠিত খেলখনত MI ক 7 উইকেটত পৰাস্ত কৰে CSK য়ে ৷ টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰা CSK ক 158 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে MI য়ে ৷ প্ৰত্যুত্তৰত ৰাহানে, গাইকোৱাড আৰু শিৱমৰ দৰ্শনীয় বেটিঙৰ সহায়ত বিজয় সাব্যস্ত কৰে CSK য়ে (IPL match update) ৷
খেলৰ প্ৰথম অভাৰতে কোনো ৰাণ নকৰাকৈয়ে ডেভন কনৱে’ আউট হয় যদিও CSK ৰ বিজয়ৰ আশা ষ্টিমিত হোৱা নাছিল ৷ আজি দলত অন্তৰ্ভুক্ত হোৱা আজিংক্য ৰাহানেয়ে IPL 2023 ত নিজৰ প্ৰথমখন খেলতে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় ৷ 27 টা বল খেলি 7 টা বাউণ্ডেৰী আৰু 3 টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ 61 ৰাণ সংগ্ৰহ কৰে ৰাহানেয়ে ৷ সুন্দৰ ফৰ্মত থকা ৰুতুৰাজ গাইকোৱাডেও 37 ৰাণৰ এটা সুন্দৰ ইনিংছ খেলে ৷ ৰাহানেৰ উইকেট পতনৰ পাচত ক্ৰীজলৈ অহা শিৱম ডুবেয়ে 28 ৰাণৰ বৰঙণিৰে দলক বিজয় লক্ষ্যত উপনীত হোৱাত সহায় কৰে (IPL 2023 CSK Vs MI match updates) ৷
ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত IPL 2023 খেলখনত আজি দুৰ্বল বেটিং প্ৰদৰ্শনেৰ বাবে CSK ক প্ৰত্যাহ্বান জনোৱাত ব্যৰ্থ হ’ল MI ৷ প্ৰথমে অধিনায়ক ৰোহিত শৰ্মা আৰু ঈশান কিষাণে সুন্দৰ আৰম্ভণি কৰে যদিও দলটোৱে নিয়মীয়া গতিত উইকেট হেৰুওৱাৰ ফলত 20 অভাৰত 8 উইকেট হেৰুৱাই 157 ৰাণ কৰিবলৈ সক্ষম হয় ৷ MI ৰ অধিনায়ক ৰোহিত শৰ্মাই 13 টা বলত 21 ৰাণ কৰিয়েই বিদায় লয় ৷ ঈশান কিষাণে 21 টা বলত 32 ৰাণ কৰিবলৈ সক্ষম হয় ৷ তিলক বাৰ্মা আৰু টিম ডেভিডে ক্ৰমে 22 আৰু 31 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ CSK ৰ হৈ ৰবীন্দ্ৰ জাডেজাই 3 টা, ষ্টেন্টনাৰ আৰু তুষাৰে দুটাকৈ উইকেট দখল কৰে (MI Vs CSK match) ৷