নিউজ ডেস্ক, 7 এপ্ৰিল: IPL 2023 ৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ লক্ষ্ণৌ ছুপাৰ জায়েন্টৰ ৷ শুকুৰবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ খেলখনত SRH ৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ কৰে LSG য়ে ৷ SRH এ বান্ধি দিয়া 122 ৰাণৰ লক্ষ্য লৈ খেল আৰম্ভ কৰা LSG দলে 16 অভাৰত 5 উইকেট হেৰুৱাই জয় লাভ কৰে ৷ অপেনাৰ কাইল মেয়াৰ্ছ আৰু কে এল ৰাহুলে সুন্দৰ আৰম্ভণি কৰে ৷ মেয়াৰ্ছে 13 ৰাণ কৰি পেভিলিয়নমুখী হোৱাৰ পিচতে দীপক হুদা 7 ৰাণ কৰি আউট হয় ৷ কিন্তু ৰাহুল আৰু ক্ৰুণাল পাণ্ডিয়াই দলৰ স্কৰ আগুৱাই নিয়ে ৷ ৰাহুলে 35 ৰাণ কৰি আউট হোৱাৰ বিপৰীতে পাণ্ডিয়াই 34 ৰাণ কৰে (IPL 2023 SRH vs LSG MATCH) ৷
ইফালে টছত জিকি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 8 টা উইকেট হেৰুৱাই 121 ৰাণ সংগ্ৰহ কৰে SRH এ৷ অপেনাৰ আনমোলপ্ৰীত সিঙে 26 টা বল খেলি 31 ৰাণ সংগ্ৰহ কৰে ৷ আনগৰাকী অপেনাৰ মায়াংক আগৰৱালে মাত্ৰ 8 কৰিয়েই পেভিলিয়নমুখী হয় ৷ দ্বিতীয় উইকেটৰ যুটিত ত্ৰিপাঠী আৰু আনমোলে 29 ৰাণ সংগ্ৰহ কৰে ৷ ৰাহুলে 41 টা বলত সংগ্ৰহ কৰে 35 ৰাণ (SRH Vs LSG match news) ৷
ইফালে অধিনায়ক মাৰ্ক্ৰামে কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নলৈ ওভতে ৷ ৱাশ্বিংটন সুন্দৰ আৰু ছামাদে ক্ৰমে 16 আৰু 21 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ LSG ৰ হৈ ক্ৰুণাল পাণ্ডিয়াই 3 টা আৰু অমিত মিশ্ৰাই 2 টা উইকেট দখল কৰে ৷ এয়া হৈছে আই পি এলত SRH ৰ ক্ৰমাগত দ্বিতীয়টো পৰাজয় (SRH Vs LSG IPL match) ৷