নিউজ ডেস্ক, 17 এপ্ৰিল:আন এখন তীব্ৰ উত্তেজনাপূৰ্ণ মেচৰ সাক্ষী হ’ল IPLৰ দৰ্শক ৷ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সোমবাৰে অনুষ্ঠিত খেলখন তীব্ৰ প্ৰত্যাহ্বানমূলক হৈ পৰে RCB আৰু CSK দুয়োটা দলৰ বাবেই ৷ কিন্তু অৱশেষত CSK দলে 8 ৰাণত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ কিন্তু দুয়োটা দলৰে প্ৰদৰ্শন আছিল অতিকৈ আকৰ্ষণীয় (CSK Vs RCB IPL match)৷
টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে RCB দলে ৷ CSKৰ হৈ অপনিং কৰিবলৈ অহা ৰুতুৰাজ গাইকোৱাড 3 ৰাণতে আউট হোৱাৰ পাচত কনৱে’ আৰু আজিংক্য ৰাহানেয়ে দলৰ স্থিতি মজবুত কৰে ৷ 20 টা বলত 34 ৰাণ কৰি ৰাহানে আউট হোৱাৰ পাচত শিৱম ডুবে আৰু কনৱে’য়ে দলৰ স্ক’ৰ আগুৱাই নিয়ে ৷ 45 টা বলত 6 টা বাউণ্ডেৰী আৰু 6 টা অভাৰ বাউণ্ডেৰী কোবাই 83 ৰাণ কৰি কনৱে’ আউট হয় ৷ শিৱমেও 27 টা বলত 2 টা বাউণ্ডেৰী আৰু 5 টা অভাৰ বাউণ্ডেৰী কোবাই 52 ৰাণ সংগ্ৰহ কৰে ৷ CSKয়ে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই 226 ৰাণ কৰে আৰু RCBক 227 ৰাণৰ লক্ষ্য বান্ধি দিয়ে (IPL CSK Vs RCB match) ৷
RCBৰ অপেনাৰ বিৰাট কোহলীয়ে মাত্ৰ 6 ৰাণ কৰি আউট হোৱাৰ পাচত লোমৰৰো শূন্য ৰাণ কৰিয়েই আউট হয় ৷ কিন্তু ডু প্লেছিছ আৰু মেক্সৱেলৰ বিস্ফোৰক বেটিঙৰ সহায়ত RCB জয়ৰ দিশে আগুৱাই যায় ৷ 12.1 অভাৰত 76 ৰাণ কৰি মেক্সৱেল আউট হয় ৷ 36 টা বল খেলি মেক্সৱেলে 8 টা অভাৰ বাউণ্ডেৰী আৰু 3 টা বাউণ্ডেৰী কোবাই মুঠ 76 ৰাণ সংগ্ৰহ কৰে ৷ অধিনায়ক ডু প্লেচিছে 33 টা বলত 5 টা বাউণ্ডেৰী আৰু 4 টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ 62 ৰৈণ কৰে ৷ দীনেশ কাৰ্তিকে 28 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ শেষৰ অভাৰলৈকে RCBৰ জয়ৰ আশা আছিল যদিও সেয়া সম্ভৱ নহ’ল ৷ 20 অভাৰত 8 টা উইকেট হেৰুৱাই RCBয়ে 218 ৰাণ সংগ্ৰহ কৰে আৰু 8 ৰাণত পৰাস্ত হয় ৷ CSKৰ তুষাৰ দেশপাণ্ডেয়ে 3 টা উইকেট দখল কৰে ৷(IPL 2023 point table) ৷