নিউজ ডেস্ক, 31 মাৰ্চ:শুকুৰবাৰৰ পৰা আৰম্ভ হ’ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠদশ সংস্কৰণ ৷ আড়ম্বৰপূৰ্ণভাৱে আয়োজিত অনুষ্ঠানে মন্ত্ৰমুগ্ধ কৰি তোলে আই পি এল প্ৰেমীক ৷ আজিৰ প্ৰথমখন খেলত মুখামুখি হৈছে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ আৰু হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট টাইটানচ ৷ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই খেলখন (Chennai Super Kings vs Gujarat Titans) ৷
টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে গুজৰাট দলৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ৷ চেন্নাইৰ হৈ প্ৰথমে বেটিং কৰিবলৈ আহে কোনৱে আৰু ৰিতুৰাজ গাইকোৱাড ৷ কিন্তু খেলৰ তৃতীয় অভাৰত চেন্নায়ে হেৰুৱাই কোনৱেৰ উইকেট ৷ মাত্ৰ এক ৰাণ কৰি মহম্মদ ছামীৰ বলত ব’ল্ড হয় কোনৱে ৷ তাৰ পাচতে বেটিং কৰিবলৈ আহে মইন আলী ৷ গাইকোৱাড আৰু মইন আলীয়ে সুন্দৰভাৱে দলৰ স্ক’ৰ আগবঢ়াই নিয়ে যদিও 5.5 অভাৰত 50 ৰাণত মইন আলীৰ উইকেটৰ পতন ঘটে (CSK vs GT match report) ৷
ছেকেণ্ড ডাউনত বেটিং কৰিবলৈ অহা বেন ষ্টকচো 7 ৰাণ কৰিয়েই পেভিলিয়নলৈ ওভতে ৷ তাৰ পাচত যথাক্ৰমে, আম্বাতি ৰাইডু, শিভম ডুবে, ৰবীন্দ্ৰ জাদেজাও মাত্ৰ কেইটামান ৰাণ কৰিয়েই পেভিলিয়নমুখী হয় ৷ 17.1 অভাৰত দলৰ ৰাণ 151 ত উপনীত হোৱাৰ সময়তে কেচ আউট হয় ৰিতুৰাজ গাইকোৱাড ৷ আইপিএল 2023 ৰ প্ৰথমখন খেলতে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা গাইকোৱাডে 50 টা বলত 4 টা বাউণ্ডেৰী আৰু 9 টা অভাৰ বাউণ্ডেৰীৰে 92 ৰাণ সংগ্ৰহ কৰে ৷
ইফালে 7 টা বলত 14 ৰাণ কৰি অপৰাজিত হৈ থাকে চেন্নাইৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ গুজৰাটৰ হৈ ছামী, ৰছিদ খান, জোছেফে 2 টাকৈ উইকেট দখল কৰে ৷ নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেট হেৰুৱাই চেন্নাই চুপাৰ কিংছে 178 ৰাণ সংগ্ৰহ কৰে আৰু গুজৰাট টাইটানছক 179 ৰাণৰ লক্ষ্য বান্ধি দিয়ে (IPL live updates) ৷