নিউজ ডেস্ক, 16 এপ্ৰিলত: IPL ৰ আজিৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাস্ত হয় কলকাতা নাইট ৰাইডাৰ্ছ ৷ অথলে গ’ল ভেংকটেশ আয়াৰৰ 104 ৰাণৰ অনবদ্য ৰাণৰ ইনিংছ ৷ এইখন খেলৰ সৈতে বৰ্তমানলৈকে দুখন খেলত জয়লাভ কৰিছে মুম্বাই ইণ্ডিয়ানছে ৷ টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত কৰে MI য়ে ৷ KKR দলে MI ক জয়ৰ বাবে 185 ৰাণৰ লক্ষ্য বান্ধি দিয়ে (IPL 2023 KKR Vs MI) ৷
186 ৰাণৰ লক্ষ্য লৈ বেটিং আৰম্ভ কৰা মুম্বাই ইণ্ডিয়ানছে 17.4 অভাৰত 5 উইকেট হেৰুৱাই জয়লাভ কৰে ৷ অপেনিং কৰিবলৈ আহি ৰোহিত শৰ্মাই 13 টা বলত 20 ৰাণ কৰি আউট হয় ৷ ঈশান কিষাণে 25 টা বলত 58 ৰাণৰ এটা সুন্দৰ ইনিংছ খেলে ৷ মুঠ 5 টা বাউণ্ডেৰী আৰু 5 টা অভাৰ বাউণ্ডেৰী কোবাই ঈশানে (IPL 2023 MI Vs KKR match) ৷
আজিৰ খেলখনত অধিনায়কৰ দায়িত্ব পালন কৰা সূৰ্যকুমাৰ যাদৱেও 25 টা বলত 4 টা বাউণ্ডেৰী আৰু 3 টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ 43 ৰাণ সংগ্ৰহ কৰে ৷ তিলক বাৰ্মাই 30 আৰু টিম ডেভিদে 24 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ আজিৰ খেলখনত প্ৰথমে শাৰীৰিক অসুস্থতাৰ বাবে ৰোহিত শৰ্মাই খেলা নাছিল যদিও বেটিং কৰিবলৈ আহে (IPL 2023 MI Vs KKR) ৷