নিউজ ডেস্ক, 3 এপ্ৰিল: IPL 2023 ৰ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত CSK আৰু LSG ৰ মাজৰ খেলখন খুৱেই সহজ নাছিল কোনো এটা দলৰ বাবে ৷ কিন্তু অৱশেষত মেচখনত জয়লাভ কৰিবলৈ সক্ষম হ’ল এম এছ ধোনী নেতৃত্বাধীন CSK ৷ প্ৰথমে বেটিং কৰি CSK দলে LSGক 218 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিয়ে ৷ কিন্তু সহজে হাৰ মনা বিধৰ দল নহয় কে এল ৰাহুল নেতৃত্বাধীন LSG ৷ শেষলৈকে যুঁজ দি 20 অভাৰত 205 ৰাণ কৰে দলটোৱে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে 12 ৰাণত হাৰ মানিব লগীয়া হয় (CSK beats LSG in IPL) ৷
CSKয়ে বান্ধি দিয়া 218 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰে LSGয়ে ৷ প্ৰথমে দুয়ো অপেনাৰ কে এল ৰাহুল আৰু কাইল মেয়াৰ্ছে দুৰ্দান্ত বেটিঙেৰে ৰাণ গতি আগবঢ়ায় ৷ কিন্তু 5.3 অভাৰত দলৰ স্ক’ৰ 79 হৈ থকাৰ সময়তে কেট আউট হয় মেয়াৰ্চ ৷ 22 টা বলত 53 ৰাণৰ মেয়াৰ্ছৰ ইনিংছটোত আছিল 8 টা চাৰি আৰু 2 টা ছয় ৷ তাৰ পাচতে মাত্ৰ তিনি ৰাণৰ ব্যৱধানত ৰাহুল আৰু দীপকৰ উইকেটৰো পতন ঘটে ৷ ক্ৰুনাল পাণ্ডিয়াও সোনকালেই পেভিলিয়নলৈ ওভতে ৷ কিন্তু তেতিয়াই খেল শেষ হোৱা নাছিল, আৰম্ভহে হৈছিল ৷
ষ্টইনিছ, নিকোলাচ, আয়ুস,কৃষ্ণাপ্পাই সুন্দৰ বেটিঙেৰে দলৰ স্ক’ৰ আগুৱাই নিয়ে ৷ কিন্তু নিয়মিত গতিত উইকেটৰ পতন ঘটনাত জয়ৰ আশা স্তিমিত হয় LSGৰ ৷ অৱশেষত 12 ৰাণত পৰাজয় স্বীকাৰ ৷ CSKৰ মইন আলীয়ে LSGৰ চাৰিটাকৈ উইকেট দখল কৰে ৷ আজি আই পি এল প্ৰেমীয়ে এখন সঁচা অৰ্থত হাই ভল্টেজ মেচ দেখা পালে ৷ ভাৰতীয়া ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ উপস্থিতিৰ বাবে সৰহ সংখ্যকেই চেন্নাইক সমৰ্থন জনালেও কিন্তু কে এল ৰাহুলৰ LSGৰ প্ৰদৰ্শনকো প্ৰশংসা কৰিব লাগিব ৷
টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছে LSG ৰ অধিনায়ক কে এল ৰাহুলে ৷ প্ৰথমে বেটিং কৰি CSK য়ে নিৰ্ধাৰিত 20 অভাৰত সংগ্ৰহ কৰে 217 ৰাণ ৷ দুই অপেনাৰ ৰিতুৰাজ গাইকোৱাড আৰু ডেভন কনৱে’য়ে বিস্ফোৰক আৰম্ভণি ঘটায় ৷ 9.1 অভাৰত দলৰ স্ক’ৰ হয় গৈ 110 ৰাণ ৷ সেই মূহুৰ্তত CSK য়ে ৰিতুৰাজৰ উইকেট হেৰুৱাই ৷ 31 টা বলত 57 ৰাণ কৰে ৰিতুৰাজে ৷ ইফালে 10.2 অভাৰত 47 ৰাণ কৰি পেভিলিয়নলৈ ওভতে কনৱে’ ৷ শিৱম ডুবেয়ে 27 ৰাণ আৰু মইন আলীয়ে 19 ৰাণৰ বৰঙণি যোগায় ৷