নিউজ ডেস্ক, 10 এপ্ৰিল:কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটানছৰ মাজত দেওবাৰে অনুষ্ঠিত খেলখনৰ দৰে আন এখন তীব্ৰ উত্তেজনাপূ্ৰ্ণ খেলৰ সাক্ষী হৈ ৰল আই পি এলৰ দৰ্শক । বেংগালুৰু । লক্ষ্ণৌ ছুপাৰ জায়েন্টচ আৰু ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত খেলখনত শেষৰ বলটোলৈকে অনিশ্চয়তাৰ মাজত আছিল দৰ্শক (IPL 2023 LSG Vs RCB match updates) ।
খেলৰ টাৰ্গেট আৰু দ্বিতীয় ইনিংছ বেটিং আৰম্ভণিলৈ চাই খেলখনত বেংগালুৰু জিকিব বুলি নিশ্চিত হৈছিল RCBৰ সমৰ্থক তথা অনুৰাগীসকল । কিন্তু খেলৰ শেষৰ বলটোৱে যেন সকলো ওলট-পালত কৰি দিলে । খেলখনৰ শেষৰ অভাৰটোৱে দৰ্শকৰ চকু স্কীণত এটা পলক নেপেলোৱাকৈয়ে ধৰি ৰাখিবলৈ সক্ষম হল (IPL 2023 LSG Vs RCB) ।
প্ৰতিটো বল সমানেই গুৰুত্বপূৰ্ণ হৈ পৰে দুয়োটা দলৰ বাবে । এটা বলত যদি RCBৰ বাবে ভাগ্য ভাল হয়, আনটোত আকৌ কপাল ফুলে LSGৰ । কিন্তু শেষৰটো বলে সকলোৰে উতকণ্ঠাৰ অন্ত পেলালে আৰু দুৰ্ভগীয়া হৈ ৰ'ল RCB ।
আজিৰ খেলখনত প্ৰথমে বেটিং কৰি RCBয়ে কোহলী, ডু প্লেছিছ আৰু মেক্সৱেলৰ বিস্ফোৰক বেটিঙৰ সহায়ত LSGৰ সমুখত 213 ৰাণৰ বিশাল স্কৰ ঠিয় কৰে । কিন্তু কিছু ৰাণ যেন কমি থকিল। পৰাজিত RCBয়ে চাগৈ তেনেকৈয়ে ভাবিছে (IPL 2023 live updates) ।
213 ৰাণৰ লক্ষ্য আগতলৈ নিজৰ বেটিং আৰম্ভ কৰা LSGৰ হৈ পেনিং কৰে কে এল ৰাহুল আৰু কাইল মেয়াৰ্ছে । কিন্তু মাত্ৰ 23 ৰাণতে হেৰুৱাই দলৰ শীৰ্ষ তিনিটা উইকেট । চতুৰ্থ স্থানত বেটিং কৰিবলৈ অহা মাৰ্কাচ ষ্টইনিছ আৰু কে এল ৰাহুলে মিলি দলৰ স্কৰ 10 অভাৰত 99 ৰাণলৈ লৈ যায় । কিন্তু 30 টা বলত 65 ৰাণ কৰা ষ্টইনিছ আউট হয় শ্বাহবাজৰ বলত । ছটা বাউণ্ডেৰী আৰু 5 টা অভাৰ বাউণ্ডেৰী কোবাই ষ্টইনিছে । ক্ৰীজলৈ আহে নিকোলাছ পুৰান ।
কিন্তু 105 ৰাণত পুনৰ ৰাহুলৰ উইকেটৰ পতন ঘটে । 20 টা বলত 18 ৰাণ কৰি ৰাহুল পেভিলিয়লনৈ ওভতে । ষষ্ঠ স্থানত বেটিং কৰিবলৈ আহে আয়ুষ বাদোনি । ভগৱানৰ আশীৰ্বাদ হৈহে যেন ক্ৰীজত নামিল পুৰাণ । আহিয়েই আৰম্ভ কৰিলে পুৰানে । সমান্তৰালভাৱে বিস্ফোৰক বেটিং আৰম্ভ কৰে বাহোদিয়েও । 105 ৰাণৰ পৰা দুয়োজন বেটছমেনে দলৰ স্কৰ লৈ যায় 189 ৰাণলৈ ।
16.6 অভাৰত 62 ৰাণ কৰি কেচ আউট হয় পুৰান । মাত্ৰ 19 টা বল খেলি 6 টা বাউণ্ডেৰী আৰু 7 টা অভাৰ বাউণ্ডেৰী কোবাই 62 ৰাণ কৰে পুৰানে । লগতে আই পি এল 2023 ত আইটাইতকৈ কম বলত অৰ্ধশতক অৰ্জন কৰে । 15 টা বলত 50 ৰাণ সম্পূৰ্ণ কৰে পুৰানে ।
পুৰান আউট হোৱাৰ পাচতে ক্ৰীজলৈ আহে জয়দেৱ উনাদকাট । আয়ুস বাদোহিয়ে ইটোৰ পিচত সিটো বল বাউণ্ডেৰীলৈ কোবালে । কিন্তু 18.4 অভাৰত বোদোহিয়ে 30 ৰাণ কৰি আউট হয় । 206 ৰাণ হৈ থকা অৱস্থা বাদোহি আউট হয় । 19.2 বলত আউট হয় মাৰ্ক উড আৰু 19.5 বলত 2012 উনাদকাট আউট হয় । শেষৰ বলত এক ৰাণ লৈ বিঞ্চনৈ আৰু আবেশ খানে এল এছ জিক জয়ী কৰে