অসম

assam

ETV Bharat / sports

IPL 2023 LSG Vs DC: দিল্লীক 50 ৰাণত পৰাস্ত কৰিলে লক্ষ্ণৌৱে, মেয়াৰ্ছৰ 73 ৰাণ; মাৰ্ক উডৰ 5 উইকেট - IPL 2023 LSG Vs DC match

আই পি এলৰ এখন খেলত লক্ষ্ণৌ চুপাৰ জায়েন্টৰ মুখামুখি হয় দিল্লী কেপিটেলচ ৷ লক্ষ্ণৌ চুপাৰ জায়েন্টৰ হাতত 50 ৰাণত পৰাস্ত হয় দিল্লী কেপিটেলচ (IPL 2023 LSG Vs DC) ৷

IPL 2023 LSG Vs DC
IPL 2023 LSG Vs DC

By

Published : Apr 1, 2023, 8:49 PM IST

Updated : Apr 2, 2023, 12:35 AM IST

নিউজ ডেস্ক, 1 এপ্ৰিল: আজি অনুষ্ঠিত হোৱা আইপিএলৰ এখন খেলত লক্ষ্ণৌ চুপাৰ জায়েন্টে দিল্লী কেপিটেলছক 50 ৰাণত পৰাস্ত কৰে ৷ টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ৷ নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই লক্ষ্ণৌৱে সংগ্ৰহ কৰে 193 ৰাণ আৰু জয়ৰ বাবে দিল্লীক 194 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ প্ৰত্যুত্তৰত দিল্লীয়ে নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেট হেৰুৱাই 143 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ ফলত 50 ৰাণৰ ব্যৱধানত জয়ী হয় লক্ষ্ণৌ (LSG beat DC in ILP 2023) ৷

প্ৰথমে বেটিং কৰি লক্ষ্ণৌ চুপাৰ জায়েন্টে জয়ৰ বাবে দিল্লী কেপিটেলছক 194 ৰাণ লক্ষ্য বান্ধি দিয়ে ৷ কীল মেয়াৰ্ছৰ দৰ্শনীয় 73 ৰাণ আৰু নিকোলাছ পুৰাণৰ 36 ৰাণেৰে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে (IPL 2023 updates) ৷

ইফালে 194 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা দিল্লী দলটোৱে প্ৰথমে সুন্দৰ আৰম্ভণি কৰে যদিও 4.3 অভাৰত প্ৰথমটো উইকেট হেৰুৱাই ৷ তাৰ পাচতেই 4.4 অভাৰত দ্বিতীয়টো উইকেট হেৰুৱাই দলটোৱে ৷ দিল্লীৰ হৈ ডেভিড ৱাৰ্ণাৰে 56 ৰাণ, ৰিলী ৰোচৌৱে 30 ৰাণ কৰে ৷ লক্ষ্ণৌৰ মাৰ্ক উডে পাঁচটাকৈ উইকেট দখল কৰে ৷

লক্ষ্ণৌ প্লেয়িং স্কোৱাড- কে এল ৰাহুল(অ), কীল মেয়াৰছ, মাৰ্কাচ ষ্টইনিচ, দীপক হুদা, ক্ৰুনাল পাণ্ডিয়া, নিকোলাচ পুৰাণ, আয়ুস বাদোনি, মাৰ্ক উড, জয়দেৱ উনাদকাত, ৰবী বিষ্ণৈ আৰু আবেশ খান ৷

দিল্লী প্লেয়িং স্কোৱাড- ডেভিড ৱাৰ্ণাৰ(অ), পৃথ্বী শ্ব, মিটচেল মাৰ্শ্ব, ৰিলী ৰোচৌ, ছাৰফৰাজ খান, ৰোৱমান পাৱেল, অক্সৰ পেটেল, কুলদ্বীপ যাদৱ, চেতন ছাকাৰিয়া, খলিল আহমেদ আৰু মুকেশ কুমাৰ ৷

ইয়াৰ পূৰ্বে মোহালিত 3.30 বজাৰ পৰা অনুষ্ঠিত হোৱা খেলখনত, পঞ্জাৱ কিংছে কলকাতা নাইট ৰাইডাৰ্চক 7 ৰাণত পৰাস্ত কৰে ৷ টচত জিকি কলকাতাই বলিঙৰ সিদ্ধান্ত লয় ৷ পঞ্জাৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট সংগ্ৰহ কৰে 191 ৰাণ ৷ কিন্তু কলকাতাই 16 অভাৰত 7 উইকেটৰ বিনিময়ত 146 ৰাণ কৰাৰ সময়তে বৰষুণে বিধি-পথালি দিয়ে ৷ ফলত DLS পদ্ধতিৰ সহায় লোৱাত 7 ৰাণত জয়লাভ কৰে পঞ্জাৱ দলে (IPL 2023 KKR Vs PK) ৷

শনিবাৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অভিযান আৰম্ভ কৰা দিল্লী কেপিটেলছ ঋষভ পণ্টৰ অবিহনেই সাজু হৈছে । প্ৰথমবাৰৰ বাবে ঘৰুৱা ক্ষেত্ৰত খেলিবলগীয়া লক্ষ্ণৌ দলটো দিল্লীৰ সমানেই শক্তিশালী বুলি বিবেচিত হৈছে ৷ অৱশ্যে লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুল বৰ্তমান কেৰিয়াৰৰ আটাইতকৈ কঠিন সময়ৰ মাজেৰে গৈ আছে আৰু প্ৰদৰ্শন আশা কৰা ধৰণে উন্নত হৈ থকা নাই (IPL news) ।

দেওবাৰৰ খেল-

বিয়লি 3.30 বজাত চান ৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ, খেলৰ স্থান- ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম, হায়দৰাবাদ

সন্ধিয়া 7.30 বাজত ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰু বনাম মুম্বাই ইণ্ডিয়ানছ, খেলৰ স্থান- এম চিন্নস্বামী ষ্টেডিয়াম, বেংগালুৰু

লগতে পঢ়ক:IPL 2023 KKR Vs PK: ডি এল এছ পদ্ধতিৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছক 7 ৰাণত পৰাস্ত কৰিলে পঞ্জাৱে

Last Updated : Apr 2, 2023, 12:35 AM IST

ABOUT THE AUTHOR

...view details