নিউজ ডেস্ক, 15 এপ্ৰিল : IPL 2023 ৰ আজিৰ খেলত অধিনায়ক সঞ্জু চেমচন আৰু ছিমৰণ হেটমেয়াৰৰ অৰ্ধশতকৰ সহায়ত গুজৰাট টাইটানছক 3 উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে ৷ 177 ৰাণৰ টাৰ্গেট আগত লৈ খেল আৰম্ভ কৰা দলটোৱে প্ৰথমেই 4 ৰাণতে দুটাকৈ উইকেট হেৰুৱাই যদিও পাড়িক্কল আৰু চেমচনে দলৰ স্থিতি মজবুত কৰে ৷ 26 ৰাণ কৰি পাড়িক্কল আউট হোৱাৰ পাচত 5 ৰাণ কৰিয়েই পেভিলিয়নমুখী হয় ৰিয়ন পৰাগ (IPL 2023 GT Vs RR match updates) ৷
তাৰ পাচতেই হেটমেয়াৰৰ সৈতে মিলি স্ক’ৰ আগুৱাই নিয়ে চেমচনে ৷ 32 টা বলত 3 টা বাউণ্ডেৰী আৰু 6 টা অভাৰ বাউণ্ডেৰী কোবাই 60 ৰাণ কৰে চেমচনে ৷ ইফালে বিস্ফোৰক বেটিঙেৰে হেটমেয়াৰেও 26 টা বলত 56 ৰাণ কৰি নট আউট হৈ ৰয় ৷ 5 টা অভাৰ বাউণ্ডেৰী আৰু 2 টা বাউণ্ডেৰী কোবাই হেটমেয়াৰে ৷ গুজৰাটৰ হৈ মঃ ছামীয়ে 3 টা উইকেট দখল কৰে (IPL 2023 Live updates)৷
ইয়াৰ পূৰ্বে টচত জিকি বলিঙৰ সিদ্ধান্ত গ্ৰহণ ৰাজস্থান ৰয়েলছৰ (IPL 2023 GT Vs RR match updates)৷ বৰ্তমানলৈকে IPL ৰ পইণ্ট তালিকাৰ শীৰ্ষত থকা গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 178 ৰাণৰ লক্ষ্য বান্ধি দিয়ে (RR Vs GT match updates) ৷
অপেনিং কৰিবলৈ আহি 4 ৰাণতে পেভিলিয়নমুখী হয় উইকেট কীপাৰ বেটছমেন ঋদ্ধিমান সাহা ৷ তাৰ পিচতে শুভমন গিল আৰু সাই সুদৰ্শনে দলৰ স্ক’ৰ আগুৱাই নিয়ে (IPL RR Vs GT)৷ কিন্তু 19 টা বলত 20 ৰাণ কৰি ৰাণ আউট হয় সুদৰ্শন ৷ অধিনায়ক হাৰ্দিক পাণ্ডিয়াও 28 ৰাণ কৰিয়েই পেভিলিয়নলৈ ওভতে (GT Vs RR IPL match) ৷ 34 টা বলত 4 টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰী কোবাই 45 ৰাণ সংগ্ৰহ কৰি কেটচ্ আউট হয় শুভমন গিল ৷ 20 অভাৰত 7 টা উইকেট হেৰুৱাই 177 ৰাণ সংগ্ৰহ কৰে GT এ ৷ ডেভিদ মিলাৰে সৰ্বাধিক 30 টা বলত 6 ৰাণ সংগ্ৰহ কৰে ৷